Breaking

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাখী বন্ধনৰ পৰ্বত অংশগ্ৰহণ

0 25

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাখী বন্ধন উপলক্ষে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ মহিলা বিষয়া, কৰ্মচাৰীসকলৰ সৈতে ৰাখী বন্ধনৰ পৰ্বত অংশগ্ৰহণ কৰে।

এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মহিলা কৰ্মচাৰীসকলে ৰাখী পৰিধান কৰায়। সৰ্বানন্দ সোণোৱালে আটাইকে ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

মন্ত্ৰালয়ৰ বিষয়াসকলৰ উপৰিও সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আইডব্লিউএআই)ৰ আন মহিলা কৰ্মচাৰীসকল তথা যুৱ পেছাদাৰীসকলেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰাখী উপহাৰ দিয়ে। এই যোগাত্মক পৰিৱেশে মন্ত্ৰালয়ৰ মাজত একতাৰ বাৰ্তা আৰু নাৰীশক্তিৰ সক্ৰিয় অংশগ্ৰহণ অধিক শক্তিশালী কৰিব বুলি সোণোৱালে উল্লেখ কৰে।

সোণোৱালে কয়, “ৰাখী বন্ধন ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ৰাখী বন্ধনে ভাতৃ-ভগ্নীৰ অটুট মৰম-স্নেহ, সুৰক্ষাৰ দায়বদ্ধতা আৰু একতাৰ পৰিভাষাক প্ৰতিফলিত কৰি আহিছে। নাৰী সমাজৰ সুৰক্ষা, মৰ্যাদা আৰু সন্মান সুনিশ্চিত কৰাৰো প্ৰতীক ৰাখী বন্ধন। এই উৎসৱে ভাতৃ-ভগ্নীৰ মাজৰ নিবিড় সম্পৰ্ক আৰু চেনেহৰ এনাজৰী সুদৃঢ় কৰি আটাইৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-সমৃদ্ধিৰ বতৰা।”

Leave A Reply

Your email address will not be published.