Sarbananda Sonowal: শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়, ৮ অক্টোবৰ ২০২৪: (Minister Sarbananda Sonowal)কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলক লগ কৰি তেওঁলোকৰ খা-খবৰ লয় আৰু অন্তৰংগ বাৰ্তালাপত মিলিত হয়। লগতে তেওঁলোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাত মিলিত হয়। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “আমাৰ লক্ষ্য- অন্ত্যোদয়াৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম-বিকাশ, সম-মৰ্যাদা সুনিশ্চিত কৰা।

সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংশ -ৰিক্সাচালক, ঠেলাচালকসকলৰ কষ্ট, কৰ্মোদ্যমে জীৱনৰ এক গভীৰ অৰ্থ বহন কৰি আহিছে। শাৰদীয় দুৰ্গোৎসৱৰ বতৰত তেখেতসকলক লগ পাই আপ্লুত হ’লোঁ আৰু তেওঁলোকৰ সৈতে কথা-বতৰা পাতি দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। খাটি খোৱা এইসকল সৰল মনৰ লোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাৰ সময়কণে মোৰ ল’ৰালিৰ স্মৃতি সজীৱ কৰি তুলিলে।”

Related Articles