Breaking

স্বাধীনতা দিৱসৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰিত গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ স্বেচ্ছাসেৱক

0 21

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ চাৰিজন নিষ্ঠাবান স্বেচ্ছাসেৱকক ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে নতুন দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে।

তেওঁলোকৰ সমাজ সেৱাৰ ব্যতিক্ৰমী অৱদান আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মূল্যবোধৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাক স্বীকৃতি জনাই এই সন্মান আগবঢ়ায়।আমন্ত্ৰিতসকলৰ ভিতৰত ৰাজ্যিক এন এছ এছ বঁটাপ্ৰাপক গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ এন এছ এছ গোটৰ ডলী চৌধুৰী, ৰাজ্যিক এন এছ এছ বঁটাপ্ৰাপক নৰ্থ গুৱাহাটী মহাবিদ্যালয়ৰ জয়ন্ত দাস , বৰনগৰ মহাবিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱক সংগীতা সাউদ আৰু ,গোৱালপাৰা মহাবিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱক কৌশিক নাথ নিৰ্বাচিত হয় স্বেচ্ছাসেৱকক সমাজ কল্যাণমূলক কাম-কাজৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।


লালকিল্লাত উদযাপন কৰা স্বাধীনতা দিৱস উদযাপনৰ জৰিয়তে এইসকল স্বেচ্ছাসেৱকক সন্মান জনোৱাই নহয়, এন এছ এছৰ জৰিয়তে আৰু বহু যুৱক-যুৱতীক জাতি-নিৰ্মাণৰ কাম-কাজত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈকে ধৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ, ছাত্ৰকল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি আৰু উত্তৰ পূৱ এন এছ এছৰ আঞ্চলিক সঞ্চালক শ্ৰীযুত জাংজিলঙে আমন্ত্ৰিতসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ যাত্ৰা সফল কৰি তুলিবলৈ শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.