ৰাজ্যৰ চোকে কোণে কাঠফুলাৰ দৰে গঢ়ি উঠিছে বহু সংখ্যক অনুজ্ঞাপত্ৰহীন অবৈধ ফাৰ্মাচী।
বহুবাৰ ইয়াৰ বিপক্ষে চৰকাৰী স্বাস্থ্য বিভাগৰ দ্বাৰা অভিযান চলোৱা হয় যদিও কিছু দিন বন্ধ থকাৰ পিছত পুনৰ একেই অৱস্থা অৰ্থাৎ অবৈধ ফাৰ্মাচী বোৰে ঔষধ বেচা কিনাৰ ওপৰিও একাংশই ৰোগীৰ ভুল চিকিৎসা কৰাৰ অভিযোগো শুনা যায়।
তাৰে লগত সংগতি ৰাখি শুকুৰবাৰে মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ ড্ৰাগছ ইন্সপেক্টৰ চন্দ্রজীত দহোতীয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ সজাতী দল লাহৰীঘাট ৰাজহ চক্র বিষয়া কাৰ্যালয়ৰ চক্র বিষয়া স্বৰাজ ভাৰত লাগাছুৰ লগতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জৰিয়তে লাহৰীঘাট অঞ্চলৰ বৰছলা, গৰৈমাৰী, বোৱালগুৰি, কছাৰীবড়ী আদি ঠাইত ৮ খন অবৈধ ফাৰ্মাচী ছীল কৰে।
-খাইৰুল ইছলাম, লাহৰীঘাট