বি টি চিৰ মিত্ৰজোটৰ চৰকাৰৰ ইউ পি পি এল পাৰ্টীৰ ৩৮নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ নতুনকৈ গঠিত ১২খন প্ৰাইমাৰী কমিটিৰ শপতগ্ৰহণ কাৰ্য্যসূচী যোৱা ২৫ মে তাৰিখে ৩৮ নং ভৈৰৱকুণ্ড ব্লক সমিতিৰ সভাপতি মনোজ খাক্লাৰীৰ সভাপতিত্বত সম্পন্ন হয়। ভৈৰৱকুণ্ড ব্লক সমিতিৰ যুৱ নেতা তথা সমিতিৰ সাধাৰণ সম্পাদক গোপী ছেত্ৰীয়ে আঁত ধৰা শপতগ্ৰহণ অনুষ্ঠানত ১২খন প্ৰাইমাৰী সমিতিৰ সভাপতি/সম্পাদক সকলকেধৰি সদস্য সকলক শপতবাক্য পাঠ কৰোৱায় ইউ পি পি এল ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰবিন্দ্ৰ বসুমতাৰীয়ে। উক্ত শপতগ্ৰহণ অনুষ্ঠানত দলীয় কৰ্মী সকলক উৎসাহ জগোৱাৰ লগতে কৰ্মী সকলে কেনেকৈ ৰাইজৰ ওচৰত গৈ চৰকাৰে আগবঢ়োৱা অনুদান আৰু চৰকাৰে লোৱা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব লাগে তাৰ বিতং বক্তব্য দাঙি ধৰে ৬৯ নং ওদালগুৰি বিধানসভাৰ বিধায়ক তথা ৩৮ নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ পাৰ্ষদ তথা বি টি চিৰ উপমুখ্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। সভাত ইউ পি পি এল কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ভ্ৰমণ বাগ্লাৰী,ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি লিটন দৈমাৰী, জীৱন নিৰোলা,ইউ পি পি এল গোৰ্খা ছেল ওদালগুৰি জিলা সমিতিৰ সভাপতি দীপক কাৰ্কী, ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ ভি চি ডি চিৰ অধ্যক্ষ, উপাধ্যক্ষকে ধৰি দুই সহস্ৰাধিক দলীয় কৰ্মী সকলে শপতগ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
৩৮নং ভৈৰৱকুণ্ড পৰিসদীয় সমষ্টিৰ ব্লক সমিতিয়ে আয়োজন কৰা প্ৰাইমাৰী সমিতিৰ শপতগ্ৰহণঅনুষ্ঠানটো সমিতিৰ সভাপতি মনোজ খাক্লাৰী আৰু যুৱ নেতা তথা ব্লক সমিতিৰ সাধাৰণ সম্পাদক গোপী ছেত্ৰীৰ সুন্দৰ পৰিচালনাত শপতগ্ৰহণ কাৰ্য্যসূচী সফল সমাপন হয়।ওদালগুৰি জিলাৰ অন্যতম্ মনোৰম পৰ্য্যটন ক্ষেত্ৰ অসম, অৰুণাচল আৰু ভূটানৰ গাতে লাগিথকা ত্ৰিবেণী স্থল ভৈৰৱকুণ্ডত অৱস্থিত ভৈৰৱকুণ্ড ৰিজৰ্ট প্ৰেক্ষাগৃহত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানটোত ৰাইজৰ উপস্থিতি উল্লেখনীয় আছিল।