উজানৰ মাছ…… এক পাশবিক তৃপ্তি আৰু সামাজিক তথা প্ৰাকৃতিক অপৰাধ

ফনীধৰ ডেকা, বিশিষ্ট সমাজ কৰ্মী, প্ৰাক্তন অধ্যক্ষ বৰভাগ মহাবিদ্যালয়

লৰালিৰ পৰা যুৱ অৱস্থালৈ যিবিলাক বিষয়ে জীৱন প্ৰবাহত বিশেষ আমোদ দিছিল , সেইবোৰৰ ভিতৰত অন্যতম আছিল – বিভিন্ন পদ্ধতিৰে মাছ মৰা কাৰ্য্য ৷ চেপা, চোৰোহা , পল’, জুলুকি, জাল, বৰশী, শিয়নি, জাকৈ আদি ব্যৱহাৰ কৰি বাৰ মাহৰ বেলেগ বেলেগ সময়ত ন’ ন’ পদ্ধতিৰে মাছ ধৰাতো আছিল আমাৰ দৈনন্দিন জীৱনৰ এক অন্যতম অংগ ৷ এইবোৰৰ ভিতৰত আটাইটকৈ ৰোমাঞ্চকৰ মাছমৰা বিষয়টো আছিল “উজান মৰা” ৷ চতৰ শেষত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে উজান মৰাৰ তৎপৰতা আৰম্ভ হয়৷ আতালৰ পৰা ৫ ডলীয়া পচা পাত নামি আহে , পল’টো থিক-থাক হৈ উঠে , তামোলৰ ঢকুৱাৰে দুখন পিঠা (বৰষুণৰ পৰা বাচিবলৈ ঢকুৱাৰে বনোৱা বিশেষ ছাতি) তৈয়াৰ হৈ উঠে ৷ এখন দেউতাৰ(উজান মৰাৰ বিশেষজ্ঞ হিচাপে পৰিচিত), আনখন মোৰ (দেউতাৰ সহায়কাৰী) ! নতুন পানী পাই , নোনা , বৰলীয়া নদী তথা শিঙিমাৰী বিলৰ পৰা উঠি অহা, বিভিন্ন নামৰ মাছ , বিশেষকৈ বৰালি-পচাৰে খুচি , পল’ৰে চবিয়াই ধৰি কিমানযে স্ফুৰ্তিত আত্মহাৰা হৈ পৰিছিলো !পচাৰ দীঘলীয়া নালৰ দুইমুৰে ৰাঘৱ বৰালি ভাৰ বান্ধি চোচৰাই লৈ যেতিয়া গাওঁ পাওঁহি , এনে ভাব হয়- যেন দিগ্বিজয় কৰিহে গাওঁ সোমাইছোহি !

জনা-বুজা হোৱাৰ পিছত এদিন উপলব্ধি কৰিব পাৰিলো যে “উজান”ৰ মাছ মৰা আনন্দতো আছিল এটা পৈশাচিকতা ! এটা বৰালিৰ নামত নৃশংসভাৱে হত্যা কৰিছিলো , কেইবা হেজাৰ বৰালি পোৱালি ৷ একোটি ” উজানৰ বৰালি”ৰ পৰা ওলোৱা একো চৰিয়া কণীযে আচলতে হেজাৰ/লক্ষ বৰালি পোৱালিৰ সমষ্টি আছিল সেয়া উপলব্ধি কৰি মইযে পৰৱৰ্তী সময়ত কিমান মানসিক অশান্তি ভুগিছো !

যোৱাতো শতিকাৰ শেষৰটো দশকৰ কথা ৷ চন তাৰিখ মনত নাই ৷ নলবাৰীৰ উপায়ুক্ত বীৰেন দত্ত চাৰৰ আমন্ত্ৰণক্ৰমে DC officeত অনুষ্ঠিত এখন সভাত উপস্থিত আছিলো ৷ তাত Fishery departmentৰ বিষয়াবৰ্গওঁ উপস্থিত আছিল ৷ তেওঁলোকে বুজাই দিলে যে এপ্ৰিল/মে মাহ মাছৰ পোণা মেলাৰ সময় ৷ এই সময়ত মাছ মৰাতো আইন মতে দণ্ডনীয় ৷ তাৰ বাবে জেল জৰিমনাৰ ব্যৱস্থা আছে !

লগতে তেওঁলোকে এইটোও ব্যখ্যা কৰি উদাহৰণ হিচাপে দাঙি ধৰিলে যে এই সময়ত যদি এটি বৰালিয়ে পোণা দিব পাৰে , তেনেহ’লে পথাৰত কেইবা হেজাৰ বৰালিৰ জন্ম হ’ব ৷ গতিকে “উজান “মৰা বন্ধ কৰিব লাগে ৷ 

ইতিমধ্যে এসময়ত কৰা এই অপকৰ্মটোৰ কাৰণে মই অনুতপ্ত হৈ আছিলো ৷ এতিয়া যেন প্ৰায়চিত্তৰ সময় ! মই দেহেকেহে লাগি , আইনৰ ভয় দেখুৱাই মোৰ অঞ্চলত “উজান মৰা” বন্ধ কৰালো ৷ দেখিলো সেই বছৰত পথাৰত বৰালিকে ধৰি মাছেই মাছ ভৰি পৰিল !!

পলমকৈ অহা বৰষুণৰ ফলত এই সময়ত অসমৰ প্ৰায়বোৰ ঠাইতে পথাৰ পানীৰে ভৰি পৰিছে ৷ ফলত মাছৰো ” উজান” উঠিছে ৷ লগে লগে এচামৰ পচা,টৰ্চ, দাৰ লগতে , কাৱৈ লাঙি, পুঠি লাঙি, ফাচি লাঙি আদি জালবোৰ সক্ৰিয় হৈ উঠিছে ! একো জোগাৰ নোহোৱা বোৰে হাত দুখনকে ব্যৱহাৰ কৰিছে ৷ মুঠতে “উজানৰ মাছ”মৰাৰ আনন্দ (!) লব লাগে ৷ বিভিন্ন TV channels বোৰেওঁ এই স্ফুৰ্তি(!) Highlight কৰি বাতৰি প্ৰচাৰ কৰিছে !

পিছে মহাশয় সকল , এয়া বাৰু আপোনালোকে কি কৰি আছে জানেনে ? এয়া এক সামাজিক, নৈতিক, আৰু প্ৰাকৃতিক অপৰাধ – যাৰ বিৰুদ্ধে ভাৰতত কঠোৰ আইনো আছে ৷

আমি নিজেই এবাৰ ভাবি চাওঁচোন – কি কৰিছো আমি ৷ ঋতু মত্ত মাছখিনি মাৰি আমি মহাপাপ কৰা নাইনে ? মাছ আমাৰ খাদ্য বুলি ধৰি লৈয়ো এই সময়খিনি আমি খেতিৰ মাছ(বিভিন্ন কাপ্‌জাতীয়) ব্যৱহাৰ কৰি স্থানীয় এই মাছখিনিক ৰেহাই দিব নোৱাৰোনে ? ডাঙৰ কথাটো হ’ল, সিহঁতে পোনা মেলিবলৈ উঠি আহিছে আৰু আমি হাজাৰ হাজাৰ সাম্ভাৱ্য পোনাৰ উৎসটোৱে মষিমূৰ কৰিছো ! ইতিমধ্যে চেলকনা, বৰদৈয়া, চন্দাকে ধৰি কিমানযে স্থানীয় মাছ সংগ্ৰহালয়ত সোমাল ; এই হাৰত “উজান মাৰি” থাকিলে স্থানীয় মাছৰ বংশ ৰ’বগৈনে ?

সকলোলৈকে মোৰ সনিৰ্বন্ধ অনুৰোধ , আহক , আমি “উজান মৰা”ৰ আসুৰিক তৃপ্তি পৰিহাৰ কৰি স্থানীয় মাছৰ বংশবৃদ্ধিত সহায় কৰো – ছপা মাধ্যম, বৈদ্যুতিক মাধ্যম, চৰকাৰ- ৰাইজ মিলি এই বিষয়ত জনমত গঠন কৰি , আমাৰ কল্যাণাৰ্থে প্ৰকৃতিক সহায় কৰো ৷

নহলে আমাৰ নাতি- পুতিলৈ স্থানীয় মাছৰ নামত দেখুৱাবলৈ Museum ত কেইখনমান ছবিহে অৱশিষ্ট থাকিবগৈ !

Related Articles