গুৱাহাটী, ৮ নৱেম্বৰঃ নগাঁৱৰ উৰিয়াগাঁৱৰ(Uriagaon Tree Row) বায়পাছ চাৰিআলিৰ থকা ডিভাইদাৰত থকা প্ৰায় ৩০ জোপা গছ গুৱাহাটীৰ এজন ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ পান্থতৰু সংৰক্ষণী অসম নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
উল্লেখযোগ্য যে ২০১৮-১৮ চনত নগাঁও উৰিয়াগাঁও বাইপাছ চ’কত গছ পুলি প্রকৃতি সংগঠনে পান্থতৰুৱে ৰোপন কৰিছিল।পৰবৰ্তী সময়ত অৰণ্য মানৱ যাদৱ পায়েংৰ(Yadav Payeng) নামত বাইপাছ চ’কত গছপুলি ৰোপন কৰা স্থান যাদৱ পায়েং উদ্যান নামাকৰণ কৰা হৈছিল।
কিন্তু আজি গুৱাহাটীৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানৰ নিৰ্দেশত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰ পকী কৰণ নামত ইয়াৰে ৩০ জোপা গছ কাটি(tree Felling) পেলায়।
বিগত চাৰি বছৰে অতি যত্নৰে গছ পুলি কেইটা জীয়াই তুলিছিল প্ৰকৃতি সংগঠনৰ সদস্যসকলে(India)।পান্থতৰুৰ সদস্যসকলে এই জঘন্য কাৰ্যৰ প্ৰতিবাদ কৰি শ্ৰমিক সকলৰ গছ কটা সৰঞ্জামবোৰ জব্দ কৰি নগাঁৱৰ বনবিভাগৰ কাৰ্যালয়ত জমা দিয়ে৷
বনবিভাগৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়ে যে গছ কটাৰ কোনো অনুমতি বনবিভাগে তেওঁলোকে দিয়া নাই বা কোনো পক্ষই লোৱা নাই(Assam)৷
তদুপৰি পান্থতৰুৰ সদস্য সকলে নগাঁও জিলাৰ আয়ুক্তক গছ কটা জঘন্য কাণ্ডৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াত, আয়ুক্তজনে আচৰিত আৰু উদ্বেগ প্ৰকাশ কৰি ক’য় যে কোনো ধৰণৰ গছ কটাৰ অনুমতি দিয়া হোৱা নাই৷
তেওঁ তৎকালে বিভাগীয় বিষয়াক বিষয়টো তদন্তৰ নিৰ্দেশ দিয়ে৷ এই ঘটনাৰ সন্দৰ্ভত পান্থতৰুৰ সম্পাদক বুবুল শৰ্মাই ক’য় যে- কোনো ধৰণৰ অসুবিধা নকৰা পৰোপকাৰী গছবোৰ কাটি পেলোৱা কাৰ্য এক জঘন্য অপৰাধ৷
দোষীয়ে উপযুক্ত শাস্তি আৰু নিদৰ্শনমূলক দণ্ড পোৱাটো বিচাৰিছোঁ৷ এনেকৈ এজন মহান প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ প্ৰতি থকা নগঞা মানুহৰ প্ৰেমক কুঠাৰঘাত কৰা কাৰ্য মুঠেও সহ্য কৰা নহ’ব৷