ইউৰিক এচিড(Uric Acid) হৈছে জীৱৰ তেজত পোৱা এটা আৱৰ্জনা আৰু ই শৰীৰত পিউৰিন ভাঙিলে সৃষ্টি হয়। আকৌ পিউৰিন হ’ল আমি দৈনন্দিন খোৱা কিছুমান খাদ্য আৰু পানীয়ত পোৱা যায়।
সাধাৰণতে ইউৰিক এচিড তেজত দ্ৰৱীভূত হৈ বৃক্কৰ মাজেৰে পাৰ হৈ প্ৰস্ৰাৱত নিৰ্গত হয়। কিন্তু শৰীৰত যদি অত্যধিক পৰিমাণৰ ইউৰিক এচিড উৎপন্ন হয় বা আমাৰ বৃক্কই সঠিকভাৱে কাম নকৰে তেন্তে ই আমাৰ তেজত জমা হৈ আমাৰ দেহত সমস্যাৰ সৃষ্টি কৰিব পাৰে।(Diet)
ইউৰিক এচিডে শৰীৰত কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে(Kidney Stones)। শৰীৰত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰি শৰীৰক ফ্ৰী ৰেডিকেল আৰু অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
সাধাৰণতে ইউৰিক এচিদ আমাৰ প্ৰস্ৰাৱৰ জৰিয়তে নিৰ্গত হয় আৰু ই শৰীৰৰ পৰা আৱৰ্জনা আঁতৰোৱাত সহায় কৰে(Hyperuricemia)। এই সকলোখিনি কাম তেতিয়াহে ভালদৰে হৈ থাকিব যদিহে আমাৰ দেহত ইউৰিক এচিদ নিৰ্দ্দিষ্ট মাত্ৰাত নিয়ন্ত্ৰণত থাকে।(Medication)
ইউৰিক এচিডৰ উচ্চ মাত্ৰাৰ ফলত আমাৰ দেহৰ গাঁঠিসমূহত বিষ হয় আৰু ফুলি যায়। ইয়েকেই এক প্ৰকাৰৰ বাত বিষ বা গাউট বুলি কোৱা হয়। তাৰ উপৰি শৰীৰত ইউৰিক এচিড বেছি হ’লে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা থাকে আৰু বৃক্ক বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
দেহত ইউৰিক এচিদ বৃদ্ধি হোৱাৰ কাৰণসমূহৰ ভিতৰত প্ৰধান কাৰণ হল, খাদ্যত অত্যধিক পিউৰিনযুক্ত খাদ্য, যেনে- মাছ, সকলো ধৰণৰ মাংস, আৰু সকলো প্ৰটিন জাতীয় খাদ্য ইত্যাদি।
দ্বিতীয়তে জিনেটিক্স অৰ্থাৎ পৰিয়াল কেন্দ্ৰিক অৰ্থাৎ পৰিয়ালৰ উচ্চ ইউৰিক এচিডৰ ইতিহাসও এটা প্ৰধান কাৰণ হব পাৰে, যিটো আমি এটা বিশেষ জিনে কঢ়িৱাই বুলি কোৱা হয়। তাৰ উপৰি অতিৰিক্ত ওজন বা শৰীৰ মেদবহুল হ’লেও শৰীৰত ইউৰিক এচিডৰ উৎপাদন বৃদ্ধি পাব পাৰে।
শৰীৰত কিছুমান ৰোগ থাকিলে যেনে ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিয়ে শৰীৰত ইউৰিক এচিডৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে। গতিকে এই ৰোগসমূহ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। গতিকে এইসকল ব্যক্তিয়ে শৰীৰত ইউৰিক এচিদ নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু তেখেতসকলে ভুগি থকা উপৰোক্ত ৰোগসমূহো নিয়ন্ত্ৰণত ৰাখিব লাগে।
ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো সুস্বাস্থ্য বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা। শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে, তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী। কিছুমান ঘৰুৱা ব্যবস্থাৰ দ্বাৰাইও ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰি। এই ব্যৱস্থাৰ ভিতৰত খাদ্যভাসৰ সাল সলনি অতীৱ প্ৰয়োজন।
কিছুমান খাদ্যত অধিক পৰিমাণৰ পিউৰিন থাকে, আৰু এই পিউৰিনৰ পৰা শৰীৰত ইউৰিক এচিডৰ উৎপাদন হয় বা উৎপাদন বৃদ্ধি হয়। গতিকে এনে ব্যক্তিয়ে পিউৰিন সমৃদ্ধ খাদ্যৰ পৰা আঁতৰি থাকিব লাগে।
ইয়াৰ পৰিৱৰ্তে পিউৰিনৰ পৰিমাণ কম থকা খাদ্য বাছি ল’ব লাগে, যেনে- ফলমূল আৰু শাক-পাচলি, বাদাম আৰু বাদামৰ ঘিউ, চৰ্বিমুক্ত বা কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী, ৰুটি, ভাত ইত্যাদি।
এনে ব্যক্তিয়ে অলপ বেছি পৰিমাণে পানী অথবা পনীয়া খাদ্য খাব লাগে। মানুহৰ শৰীৰৰ ৭০ শতাংশ ইউৰিক এচিড বৃক্কৰ জৰিয়তে ফিল্টাৰ কৰি উলিওৱা পঠিওৱা হয়। গতিকে গোটেই দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খালে, বৃক্কই মসৃণভাৱে কাম কৰাত সহায় হয় আৰু ইউৰিক এচিড প্ৰসৱৰ জৰিয়তে অধিক সোনকালে বাহিৰ হয়।
গতিকে এনে ৰোগীয়ে প্ৰচুৰ পৰিমাণে পানী খোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজন। খাদ্যত চেনিৰ পৰিমাণ সীমিত কৰা প্ৰয়োজন। ইউৰিক এচিডৰ পৰিমাণ সুষমভাৱে বজাই ৰাখিবলৈ চেনিৰ ব্যৱহাৰ নিৰীক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। স্বাস্থ্যসন্মত জীৱনশৈলীৰ বাবে ফ্ৰুক্টজ, কৰ্ণ চিৰাপ, চেনি, আদিৰ পৰিমাণ হয় নাইকিয়া কৰা উচিত অথবা বহু পৰিমাণে হ্ৰাস কৰাটো বাঞ্ছনীয়।
খাদ্যত চেনিৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে খাদ্য তালিকাত অধিক গোটা খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। এনে ব্যক্তিয়ে প্ৰচেছড আৰু পেকেজ কৰা বস্তুসমূহ বৰ্জন কৰিব লাগে। গতিকে এনে ব্যক্তিয়ে চেনিযুক্ত জলপানৰ সলনি সতেজ ফল গ্ৰহণ কৰা উচিত। এনে ৰোগীয়ে আহাৰত ফাইবাৰ যুক্ত খাদ্য বৃদ্ধি কৰিব লাগে। কাৰণ এনে খাদ্যত থকা আঁহে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।
ই তেজৰ চেনি আৰু ইনচুলিন নিয়ন্ত্ৰণ কৰাটো সহায় কৰে। কফি খালে ইউৰিক এচিডৰ মাত্ৰা দুটা মূল উপায়েৰে হ্ৰাস কৰিব পাৰে। প্ৰথমতে, ই পিউৰিন ভাঙি পেলোৱা এনজাইমৰ সৈতে প্ৰতিযোগিতা কৰে, যাৰ ফলত ইউৰিক এচিডৰ উৎপাদন হ্ৰাস পায়।
দ্বিতীয়তে, ই শৰীৰৰ ইউৰিক এচিডৰ নিষ্কাশন বৃদ্ধি কৰে। নেমুৰ পানী আন এবিধ পানীয়, যিয়ে শৰীৰৰ ক্ষাৰকীয় প্ৰভাৱৰ মাত্ৰ হ্ৰাস কৰে আৰু ই ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নেমুৰ ৰসত থকা চাইট্ৰিক এচিডে ইউৰিক এচিড নিষ্ক্ৰিয় কৰাত সহায় কৰে, যাৰ ফলত ইয়াৰ নিঃসৰণ বৃদ্ধি পায়।
ইয়াৰ উপৰি নেমুত ভিটামিন চিৰ পৰিমাণ বেছি থাকে বাবে ই বৃক্কৰ ফিল্টাৰ কৰা ব্যৱস্থা অধিক শক্তিশালী কৰি ইউৰিক এচিডৰ নিষ্কাষণত সহায় কৰে। নিয়মিতভাৱে নেমুৰ পানী বিশেষকৈ খালী পেটত সেৱন কৰিলে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণৰ এক ফলপ্ৰসূ আৰু স্বাভাৱিক উপায় হ’ব পাৰে।
শক্তিশালী প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে আদাই ইউৰিক এচিডৰ মাত্ৰা ফলপ্ৰসূভাৱে হ্ৰাস কৰাত সহায় কৰে আৰু ই প্ৰদাহ আৰু বিষ কমোৱাটো সহায় কৰে। চেৰী আৰু মিঠা নকৰা চেৰীৰ ৰস সেৱনে গাউট ৰোগীৰ ইউৰিক এচিডৰ মাত্ৰা ফলপ্ৰসূভাৱে হ্ৰাস কৰিব পাৰে। চেৰীত এন্থ’চাইনিন প্ৰচুৰ পৰিমাণে থাকে, যিটো এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী এজেণ্ট।
ইয়াৰ উপৰি ইহঁত আঁহ আৰু ভিটামিন চিৰ উৎকৃষ্ট উৎস। গতিকে চেৰী বা চেৰিৰ ৰসে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰে। বিভিন্ন এলকহলত পিউৰিনৰ পৰিমাণ বেলেগ বেলেগ, বিয়েৰত বিশেষভাৱে বেছি থাকে।
গতিকে এনে ব্যক্তিয়ে মদ্যপান ত্যাগ কৰিব লাগিব। যদিও কিছুমান এলকহলত পিউৰিনৰ মাত্ৰা কম থাকে বুলি কোৱা হয়, তথাপিও কিন্তু এলক’হলে শৰীৰত পিউৰিন উৎপাদন প্ৰক্ৰিয়াক উদ্দীপিত কৰিব পাৰে।
তদুপৰি ই শৰীৰৰ পৰা ইউৰিক এচিড বাহিৰ হোৱাৰ হাৰত প্ৰভাৱ পেলায়, যাৰ ফলত তেজত ইউৰিক এচিডৰ ঘনত্ব অধিক হয়। যোগাসনে ৰক্ত সঞ্চালন বৃদ্ধি কৰি ইউৰিক এচিদ নিয়ন্ত্ৰণত সহায় কৰে।
লেখকঃ ডাঃ ভবেন চৌধুৰী