কামৰূপ জিলাৰ দুমুনিচকী ফকিৰতোলাত আউলীয়া কেৰামত আলী মাজাৰ শ্বৰিফত মাজাৰ শ্বৰীফ প্ৰাঙ্গনত দেওবাৰে দিবা-নৈশ কাৰ্যসূচীৰে পবিত্ৰ উৰুছ মোবাৰক সম্পন্ন কৰা হয় ৷প্ৰতি বছৰৰ দৰে এইবেলিও বিভিন্ন প্ৰান্তৰপৰা অহা হিন্দু-মুছলিম ধৰ্মাৱলম্বী অসংখ্য ভক্তৰ সমাগম হয় উৰুছ প্ৰাঙ্গনত ৷উৰুছৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা কোৰান শ্বৰিফ পাঠ, মিলাদ শ্বৰিফ আৰু সমূহীয়া দোৱা ।
নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাউল পৰিবেশন কৰা হয় এই উৰুছ মোবাৰকত মাজাৰ ৷নিয়াজ বিতৰণৰ পিছতে বিশ্ব শান্তিৰ বাবে আখেৰি দোৱাৰে উৰুছ মোবাৰকৰ কাৰ্যসূচীৰ নিশা সামৰণি পৰে ৷