ট্ৰাম্প প্ৰশাসনৰ খচৰা প্ৰস্তাৱত বিভিন্ন দেশৰ নাগৰিকৰ ভ্ৰমণৰ সম্ভাৱ্য বাধাৰ ৰূপৰেখা দাঙি ধৰা হৈছে।(US travel ban 2025) তালিকাখনত নিষেধাজ্ঞাৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি দেশসমূহক তিনিটা গোটত ভাগ কৰা হৈছে: সম্পূৰ্ণ ভ্ৰমণ নিষেধাজ্ঞা, কঠোৰ ভিছা নিষেধাজ্ঞা আৰু উদ্বেগসমূহৰ সমাধানৰ বাবে ৰেহাইৰ সময় দিয়া দেশসমূহ। এই প্ৰস্তাৱ পৰিৱৰ্তন হ’ব পাৰে যদিও ইয়াত ক্ষতিগ্ৰস্ত হ’ব পৰা দেশসমূহৰ আভাস দাঙি ধৰা হৈছে। আটাইতকৈ কঠোৰ ভিছা শ্ৰেণীটোত এনে দেশসমূহ অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ দেশৰ নাগৰিকৰ বাবে আমেৰিকালৈ সকলো ভ্ৰমণ নিষিদ্ধ কৰা হ’ব।
তালিকাভুক্ত দেশসমূহ মূলতঃ ভূ-ৰাজনৈতিক সংঘাত, আমেৰিকাৰ সৈতে সংঘাতপূৰ্ণ সম্পৰ্ক বা নিৰাপত্তাৰ উদ্বেগ থকা দেশসমূহ।তেনে দেশসমূহ হ’ল: আফগানিস্তান, ভূটান, কিউবা, ইৰাণ, লিবিয়া, উত্তৰ কোৰিয়া, ছোমালিয়া, চুডান, ছিৰিয়া, ভেনিজুৱেলা আৰু য়েমেন।এই দেশসমূহৰ নাগৰিকে আমেৰিকাৰ ভিছাৰ বাবে আবেদন কৰিব পাৰে, কিন্তু অনুমোদন বহু পৰিমাণে হ্ৰাস কৰা হ’ব বা তীব্ৰ নিৰীক্ষণৰ আওতালৈ অনা হ’ব।
এই তালিকাত স্বৈৰাচাৰী শাসন ব্যৱস্থা আৰু ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ দেশসমূহকো ৃঅন্তৰ্ভুক্ত কৰা হৈছে। এই দেশসমূহ হ’ল বেলাৰুছ, ইৰিত্ৰিয়া, হাইটি, লাওছ, ম্যানমাৰ, পাকিস্তান, ৰাছিয়া, ছিয়েৰা লিয়ন, দক্ষিণ চুডান আৰু তুৰ্কমেনিস্তান।আন এক শ্ৰেণীৰ ৰাষ্ট্ৰসমূহক নিৰাপত্তা ব্যৱস্থা উন্নত কৰিবলৈ আৰু আমেৰিকাৰ সৈতে সহযোগিতা কৰিবলৈ ৬০ দিনৰ ৰেহাইৰ সময়সীমা দিয়া হ’ব। কঠোৰ ভ্ৰমণ সীমাবদ্ধতাৰ সন্মুখীন হোৱাৰ পৰা হাত সাৰিবলৈ সেই দেশসমূহে আমেৰিকাৰ নীতিসমূহ মানি চলিব লাগিব। এই দেশসমূহ হ’ল এংগোলা, এন্টিগুয়া আৰু বাৰ্বুডা, বেনিন, বুৰ্কিনা ফাচো, কম্বোডিয়া, গিনি, গাম্বিয়া, লাইবেৰিয়া, মালাউই, আৰু মালি।