নিজৰ উচিত ব্যৱহাৰ

মই ব্যক্তিগত ভাৱে এনে বহুলোক দেখিছোঁ যিয়ে আনে কি কৰিছে, কি কৰা নাই সেই বিষয়ে সকলো সময়তে মূৰ ঘমাই থাকি নিজৰ ব্যক্তিগত জীৱনটোত অশান্তি বৃদ্ধি কৰি লয়। তেনে কৰি জানো কিবা লাভ আছে! একো লাভ নাই। এই বেলেগৰ কামবোৰকলৈ মূৰ ঘমোৱাতকৈ আমি নিজে যি কৰি আছোঁ সেইটোক লৈ মূৰ ঘমোৱাটোৰ প্ৰয়োজন বেছি। নিজৰ কামটোৰ কথা ভবাৰ বেছি প্ৰয়োজন আছে।
এইটো স্বীকাৰ কৰিবই লাগিব যে প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কামখিনি নিজে কৰিবই লাগিব আৰু নিজে কৰি যি মানসিক তৃপ্তি পোৱা যায় সেই তৃপ্তি আনে কৰা কামৰ পৰা কেতিয়াও পোৱা নাযাই। আমি নিজে যেতিয়া কাম এটা কৰি তৃপ্তি পাম আৰু কামটোৰ পৰা সফলতা আৰ্জিম, এই সফলতা তেতিয়া নিজৰ বাবে প্ৰাপ্তি আৰু দেশৰ বাবে সম্পদ। নিজৰ লগতে দেশৰো কামত আহিব। সেয়েহে ক’ব বিচাৰোঁ যে আমি নিজৰ কামবোৰ সুচাৰুৰূপে কৰি গ’লেই দেশৰ হকে কাম কৰা হ’ব।
উদাহৰণ স্বৰূপে, এজন ব্যক্তিয়ে চৰকাৰী চাকৰী এটা কৰি আছে। এই চাকৰিটোৰ যিখিনি কাম তেওঁৰ দায়িত্ব থাকে সেইখিনি কাম নিষ্ঠাসহকাৰে কৰি গ’লেই নিজৰ লগতে দেশৰো মংগল হ’ব। তেওঁ যদি একেবাৰে কাম নকৰি কেৱল দৰমহাকেইটা লৈ থাকে তেতিয়া জানো দেশৰ মংগল হ’ব! তেতিয়া বৰঞ্চ দেশৰ অৰ্থ আৰু মানৱ সম্পদৰ অপব্যৱহাৰ হ’ব।
কামৰ কোনো সৰু বৰ নাই। নিজে যিয়ে কাম নকৰক কিয় তাক নিয়মীয়াকৈ সুপৰিকল্পিতভাৱে কৰি যাব লাগে। অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে মানৱ সম্পদক মানে নিজকে উচিতভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগে আৰু তেনে কৰিব পাৰিলে সন্মুখত দেখা দিয়া সকলো সমস্যাৰ সমাধানো নিজে কৰিব পাৰিব।

Related Articles