৫০ বছৰীয়া বিবাদৰ অন্ত। উত্তৰ প্ৰদেশৰ বাগপত জিলাৰ এখন আদালতে বাগপত জিলাৰে এক বিবদমান ভূমি বহু কেইটা শুনানিৰ অন্তত হিন্দু পক্ষক গতাই দিয়ে। সেই ভূমিত হিন্দুসকলৰ ‘জতুগৃহ’ আছিল নে মুছলমানৰ ‘মাজাৰ’ আছিল তাকেলৈ দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল। অৱশেষত আদালতে সেয়া ‘জতুগৃহ’ আছিল বুলি ঘোষণা কৰে। এই ক্ষেত্ৰত হিন্দু পক্ষই দাবী কৰিছিল যে ঠাইখন মহাভাৰতৰ সময়ৰে ‘জতুগৃহ’ আছিল। মুছলিম পক্ষই দাবী কৰিছিল যে তাত এজন চুফী সাধকৰ সমাধি আছিল। পাঁচ দশকৰ পিছত উত্তৰ প্ৰদেশৰ স্থানীয় আদালতে বিতৰ্কিত ভূমিৰ মালিকীস্বত্ব হিন্দুসকলক হস্তান্তৰ কৰে।
জতুগৃহ বনাম মাজাৰক লৈ আইনী যুঁজ প্ৰায় ৫৩ বছৰ ধৰি চলি আছিল। হিন্দুপক্ষই কৈছিল যে ঠাইখন মহাভাৰতৰ জতুগৃহ আছিল। য’ত কৌৰৱসকলে পাণ্ডৱসকলক জ্বলাই দিবলৈ চেষ্টা কৰিছিল। গতিকে তেওঁলোকে এই ভূমিৰ মালিকীস্বত্ব লাভ কৰা উচিত। আনহাতে, মুছলমানসকলে দাবী কৰে যে ভূমিত থকা সমাধিটো চুফী সন্ত শ্বেখ বদৰুদ্দিনৰ। অৱশেষত বাগপতৰ জিলা আৰু সত্ৰ আদালতে গোচৰটোৰ ৰায় ঘোষণা কৰে। শুনানিৰ সময়ত, ন্যায়াধীশ শিৱম দ্বিবেদীয়ে ১০০ বিঘাতকৈ অধিক মাটি আগুৰি থকা বিতৰ্কিত ভূমিৰ মালিকীস্বত্ব হিন্দু পক্ষক হস্তান্তৰ কৰে। ১৯৭২ চনত ৱাকফ বোৰ্ডৰ সদস্য মুখিম খানে বিতৰ্কিত ভূমিৰ ওপৰত মালিকীস্বত্ব দাবী কৰি এটা গোচৰ ৰুজু কৰিছিল। সমাধিক লৈ কৃষ্ণদত্ত মহাৰাজৰ সৈতে এক আইনী যুঁজ আৰম্ভ হৈছিল। মুখিম খানে কৈছিল যে তাত চুফী সন্ত শ্বেখ বদৰুদ্দিনৰ সমাধি আছিল। কৃষ্ণদত্ত মহাৰাজে হিন্দুসকলৰ হৈ গোচৰ দাখিল কৰিছিল। তেওঁ দাবী কৰিছিল যে বৰ্ণাৱা গাঁৱৰ মাটিৰ সেইঅংশ মহাভাৰতৰ জতুগৃহ।