Breaking

উওাল সোণাপুৰ ,ডিমৰীয়াক বচাওঁক শীৰ্ষক প্ৰতিবাদত  জনতাই কপালে ৰাষ্ট্ৰীয় ঘাইপথ

0 17

আহ ঐ আহ, উলাই আহ, খেদ ঐ খেদ বাংলাদেশীক খেদ ৷ আমাৰ মাটি আমাৰ জাতি ৷ বেদখলকাৰীৰ
বোজা নলওঁ আমি জাপি। খিলঞ্জীয়াৰ ভূমি পুত্ৰক  ৰক্ষা কৰক ৷জনজাতীয় আবেষ্টনীৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰক ৷ চিৰ সেউজীয়া আমাৰ ডিমৰীয়া ৷বেদখলকাৰীৰ নহয় চৰণীয়া পথাৰ ডিমৰীয়া ৷

ডিমৰীয়াৰ পৰা  সন্দেহজনক লোকক খেদি পঠিয়াওক শ্ল’গানেৰে আজি সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত  উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেইবা হাজাৰ জনতাই ৷ উল্লেখ্য যে  বহু বছৰ ধৰি সমগ্ৰ ডিমৰীয়াত একাংশ সন্দেহজনক লোকে প্ৰৱেশ কৰি নিশাৰ ভিতৰতে ঘৰ সাজি থাকিবলৈ লৈছে ৷ জনজাতীয় আবেষ্টনীৰ লগতে চৰকাৰী ভূমিত এনেদৰে সন্দেহজনক লোকে বসবাস কৰা বিষয়টোক লৈ  শংকিত হৈ পৰিছে ডিমৰীয়াবাসী ৷

যাৰ বাবে খিলঞ্জীয়াৰ ভূমি আৰু নিজৰ অস্তিত্ব আৰু ৰক্ষাৰ বাবে আজি সোণাপুৰৰ ডিগাৰু গেটৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এঘন্টা ধৰি বন্ধ কৰি  দল সংগঠনৰ লগতে   কেইবা হাজাৰ জনতাই তীব্ৰ  প্ৰতিবাদ সাব্যস্ত কৰে ৷ মন কৰিবলগীয়া যে  ডিমৰীয়া অঞ্চলটোত বহু সন্দেহজনক লোকে প্ৰৱেশ কৰি জনজাতীয় আৱেষ্টনীৰ লগতে চৰকাৰী ভূমিত বসবাস কৰা পৰিলক্ষিত হৈছে ৷যাৰ বাবে ডিমৰীয়াৰ খিলঞ্জীয়া ভূমি পুত্ৰ সকলে নিজৰ ভূমিতে নিৰাপত্তা নোহোৱা হৈছে ৷ একাংশ সন্দেহজনক আৰু বহিৰাগত লোকৰ আগ্ৰাসন আৰু দপদপনিক ভূমিপুত্ৰসকল নিৰাপত্তা নোহোৱা হৈছে ৷ শংকিত হৈ পৰিছে ডিমৰীয়াৰ খিলঞ্জীয়া ৰাইজ ৷

এনে শংকাৰ মাজতে  আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজৰ মাটি ভেটি ৰক্ষাৰ বাবে ৰাজপথলৈ উলাই আহিবলৈ বাধ্য হৈছে  ৷ মহানগৰীৰ সমীপৰ সোণাপুৰ – ক্ষেত্ৰীকে আদি কৰি বৃহত্তৰ ডিমৰীয়া অঞ্চলটো বিশেষকৈ গ্ৰাম্য কৃষি প্ৰধান অঞ্চল ৷ কোচ, কলিতা, বডো, কচাৰী, ৰাভা, তিৱা, কাৰ্বি, নেপালী, গাৰো, বঙালী, চাহ বনুৱা, মিচিং আদি কৰি ভিন্ন ভাষা -কৃষ্টি -সংস্কৃতিৰ সংমিশ্ৰণেৰে ঐক্যভাবে  বসবাস কৰে ৷ 

গুৱাহাটী  মহানগৰীৰ সমীপৰ এই অঞ্চলটোৰ লোকসকল  সহজ -সৰল ৷ ইপিনে এই বৃহত্তৰ ডিমৰীয়া অঞ্চলটোৰ বহু অঞ্চল জনজাতীয় লোকসকলৰ  বাবে সংৰক্ষিত  অঞ্চল হিচাপে ৰখা হৈছে ৷ কিন্তু একাংশ চতুৰ  আৰু দালাল প্ৰকৃতিৰ লোকে  ডিমৰীয়া অঞ্চলৰ  সহজ সৰল লোক সকলক নানান প্ৰলোভন দি  ভূমি সমুহ হস্তান্তৰ কৰা পৰিলক্ষিত হৈছে ৷

এই সহজ সৰলতাৰ সুযোগ লৈ একাংশ বনিক গোষ্ঠীয়েও  জনজাতীয় আৱেষ্টনীৰ ভূমিত বৃহৎ বৃহৎ উদ্যোগ স্হাপন কৰাৰ অভিযোগো পোৱা গৈছে ৷কি কৃষি ভূমি, কি পাহাৰ, ভৈয়াম এতিয়া ডিমৰীয়াৰ সকলোতে চলিছে একাংশ সন্দেহজনক লোক আৰু বণিক গোষ্ঠীৰ আগ্ৰাসন ৷

যত এতিয়া  ডিমৰীয়াৰ জনজাতীয় আৱেষ্টনী ভূমিও সুৰক্ষিত নহয় ৷ জনজাতীয় আৱেষ্টনী অঞ্চলত বহু সন্দেহজনক লোকে প্ৰৱেশ কৰি নিশাৰ ভিতৰতে ঘৰ সাজি থাকিবলৈ লৈছে ৷ উল্লেখ্য যে দুদিন  পূৰ্বে সোণাপুৰৰ বৰবিলাত সন্দেহজনক দুখন ট্ৰেক্টৰ  গাওঁ বাসীয়ে জব্দ কৰি আৰক্ষীক গতাই দিয়ে ৷লগতে চাৰিজন লোকক সোধা পোচাৰ বাবে আটকো কৰা হয় ৷ ট্ৰেক্টৰ কেইখনত ঘৰ নিৰ্মান কৰাৰ বিভিন্ন সামগ্ৰী আছিল ৷

জানিব পৰা মতে  মৰিগাওঁ জিলাৰ মায়ংৰ নাঙলী চৰ অঞ্চলৰ পৰা সোণাপুৰৰ কচুতলী অঞ্চললৈ আহি আছিল ট্ৰেক্টৰ কেইখন ৷ দল সংগঠনে জানিব দিয়া অনুসৰি মুঠ চাৰিখন সন্দেহজনক ট্ৰেক্টৰ আছিল ৷গাওঁ বাসীয়ে দুখন জব্দ কৰে যদিও আন দুখন আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷ এনে ঘটনাৰ  পিছতে দল সংগঠনৰ লগতে ৰাইজ অধিক  সক্ৰিয় হৈ পৰে ৷ এনে সন্দেহজনক ঘটনাৰ তদন্ত কৰি উচিত ব্যৱস্হা গ্ৰহন কৰিবলৈ প্ৰশাসনক লিখিক অভিযোগ দাখিল কৰে বিভিন্ন দল সংগঠনে। যুৱনেতা দিব্যজ্যোতি মেধি , আন্ত: ডিমৰীয়া  আঞ্চলিক ছাত্র সন্থা আৰু বিশ্ব হিন্দু পৰিষদৰ ডিমৰীয়া শাখাই সোণাপুৰ আৰক্ষী থানাত পৃথকে পৃথকে দালাল সকলৰ বিৰুদ্ধে ৩খন এজাহাৰ দাখিল কৰে ।


লগে লগে জিলা প্ৰশাসন তৎপৰ হৈ পৰে আৰু বৃহস্পতি আৰু শুক্ৰবাৰে দুদিনত কচুতলি অঞ্চলত উচ্ছেদ অভিযান চলায় ৷ কচুতলি অঞ্চলৰ জনজাতীয় আৱেষ্টনী অঞ্চল আৰু চৰকাৰী ভূমিত অবৈধ ভাবে বসবাস কৰা কেবাটাও পৰিয়াল উচ্ছেদ কৰে জিলা প্ৰশাসনে  ৷ ইপিনে ডিমৰীয়াৰ বহু অঞ্চলত এতিয়াও বহু সন্দেহজনক লোকে জনজাতীয় আৱেষ্টনিৰ লগতে  বহু চৰকাৰী ভূমিত বসবাস কৰি আছে ৷

সেয়েহে প্ৰতিবাদকাৰীয়ে সেই অঞ্চলসমূূহত থকা সন্দেহজনক অবৈধ ভূমি দখলকাৰীক উচ্ছেদ কৰিবলৈ দাবী জনাইছে ৷কাৰ্যসূচীৰ অন্তত পূব কামৰূপ আৰক্ষী জিলাৰ ডিচিপি মৃণাল ডেকাই প্ৰতিবাদকাৰী সকলৰ দাবীৰ প্ৰতি সহাৰি জনাই এমাহৰ ভিতৰত উচ্ছেদৰ প্ৰতিশ্ৰুতি দিয়াত পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ।আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, কাৰ্বি ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্র সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, কোছ ৰাজবংশী ছাত্ৰ সন্থা, গোৰ্খা ছাত্র সন্থা, গাৰো ছাত্ৰ সন্থা, সোণাপুৰ মণ্ডল বিজেপি, ডিমৰীয়া ব্লক কংগ্ৰেছ কমিটি, ডিমৰীয়া বিকাশ মঞ্চ, বৃহত্তৰ সোণাপুৰ নাগৰিক মঞ্চ , সোণাপুৰ নতুন বজাৰ ব্যৱসায়ী সন্থা, সোণাপুৰ স্থায়ী ব্যৱসায়ী সন্থা আদি বিভিন্ন দল -সংগঠনে সোণাপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলে ।

কাৰ্যসূচীৰ অন্তত পূব কামৰূপ আৰক্ষী জিলাৰ ডিচিপি মৃণাল ডেকাৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে । আনহাতে কালি সোণাপুৰ গাও পঞ্চায়তৰ চৰকাৰী ভূমিত ২০১৯-২০ বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস গৃহ খিলঞ্জীয়াক বঞ্চিত কৰি সন্দেহ জনক লোকক দিয়া সভাপতি নুৰ আহমেদ লস্কৰৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষী থানাত ডিমৰীয়া জিলা ট্ৰাইবেল সংঘই এক গোচৰ ৰুজু কৰে ।

আনহাতে আজি আন্দোলনৰ পিছতে সোণাপুৰত জিলা আয়ুক্ত সুমিত ছত্তৱান উপস্থিত হৈ ঘটনাৰ বুজ লয় । জিলা আয়ুক্ত ক দিব্যজ্যোতি মেধিৰ নেতৃত্বত যোৱা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰি সামগ্ৰিক ঘটনা অৱগত কৰে ।আয়ুক্তই অহা সপ্তাহৰ ভিতৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে চৰকাৰী ভূমি বেদখল কৰি থকা দোকান সমূহ উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি সজাতী দলটোক প্ৰদান কৰে ।

Leave A Reply

Your email address will not be published.