ভেকচিন দুপৰীয়া ল’লেহে অধিক কাম দিব !

কৰ’না প্ৰতিষেধক প্ৰদানক লৈ এতিয়া ব্যস্ত হৈ পৰিছে চৰকাৰ প্ৰশাসন ৷ নতুন ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ পূৰ্বেই সকলো লোকেই প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছে প্ৰত্যেক ৰাষ্ট্ৰতে ৷ প্ৰতিষেধক গ্ৰহণ নকৰিলে ৰাজহুৱা স্থানত প্ৰৱেশৰ অনুমতি প্ৰদান নকৰাৰ লগতে যিকোনো স্থানত ভ্ৰমণৰো অনুমতি প্ৰদান নকৰে ৷ আপুনি গ্ৰহণ কৰা কভিডৰ প্ৰতিষেধকটো কেতিয়া বা কোন সময়ত গ্ৰহণ কৰিলে অধিক ফলপ্ৰসূ হয় সেয়া জনালে গৱেষকে ৷ গৱেষণাত দুপৰীয়া সময়ত গ্ৰহণ কৰাটো অধিক ফলপ্ৰসূ হয় বুলি দাবী কৰিছে৷

গৱেষণাত জনোৱা অনুসৰি দুপৰীয়া মানৱ শৰীৰত এন্টিবডীৰ পৰিমান সৰ্বাধিক হয় আৰু সেয়েহে দুপৰীয়া গ্ৰহণ কৰা প্ৰতিষেধক মানৱ শৰীৰত সৰ্বাধিক কাৰ্যকাৰিতা হয়৷ জাৰ্নেল অৱ বায়’লজিকেল ৰিডমত প্ৰকাশিত এক গৱেষণামূলক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে মেছাছুছেটছ জেনেৰেল হাস্পতালৰ সহ গৱেষণাকাৰী এলিজাবেথ ক্লেৰমেনে৷ তেঁও প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ ঘন্টাত মানৱ শৰীৰৰ এন্টিবডী সংখ্যা হ্ৰাস-বৃদ্ধি হৈ থাকে৷ দুপৰীয়াৰ ভাগত এন্টিবডীৰ পৰিমান বৃদ্ধি পায়, যাৰ বাবে এই সময়ছোৱাত প্ৰতিষেধক গ্ৰহণ কৰিলে শৰীৰত অধিক ফলপ্ৰসু হয়৷

ইয়াৰ উপৰি তেখেতে প্ৰতিবেদনত প্ৰকাশ কৰা মতে যিকোনো দৰবৰ কাৰ্যকাৰিতাও এই সময়ছোৱাত বেছিকৈ ফলদায়ক হয়৷ গৱেষণাৰ তথ্য অনুসৰি হাঁওফাঁওৰ ৰোগীৰ ক্ষেত্ৰত প্ৰায়ে দুপৰীয়া এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়৷ দৰবেও অধিক কাৰ্যকাৰিতা প্ৰদৰ্শন কৰে৷

Related Articles