নানা ফলৰ নানা গুণ! কোনবোৰ ফল খাবও পাৰে ঘঁহিবও পাৰে…

উজ্বল ছালৰ বাবে ফলমূল খোৱাটো যিমানে গুৰুত্বপূৰ্ণ সিমানেই ছালৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ। আপুনি খোৱা ফল খাইও ছালৰ যত্ন ল’ব পাৰে। শৰীৰ সুস্থ কৰি ৰখাৰ বাবে ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ ফল-মূল অতি প্ৰয়োজনীয়। শৰীৰ ভাল হ’লে ছালখনো ভাল হ’ব। খোৱাৰ উপৰিও সেই ফলৰ টুকুৰাবোৰ মুখ আৰু হাত-ভৰি ঘঁহিব পাৰে। তাৰফলত ছালখন ধুনীয়া হ’ব…

আঁহযুক্ত অমিতাত ভিটামিন এ, বি, চি থাকে। অমিতাই খাদ্য হজম কৰাত সহায় কৰে।পেট পৰিষ্কাৰ কৰে।অমিতা যদি আপুনি আপোনাৰ মুখমণ্ডল আৰু শৰীৰত ঘঁহে তেন্তে ১০ মিনিটৰ ভিতৰতে ছালখন জিলিকি উঠিব। আনহাতে তৰমুজত বহুত পানী থাকে। বিভিন্ন খনিজ পদাৰ্থ আৰু ভিটামিনো থাকে তৰমুজত। এই ফলটোৱে শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। খোৱাৰ লগতে মুখত তৰমুজৰ পেষ্টও লগাব পাৰে। তৰমুজৰ ৰস চেকি বটলত ভৰাই ফ্ৰীজত ৰাখি টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। আনাৰসত ভিটামিন এ, চি, কে আৰু অন্যান্য খনিজ পদাৰ্থ থাকে। আনাৰস স্বাস্থ্যৰ বাবে অতি উত্তম। এই ফলত ভিটামিন এ, চি আৰু এন্টি অক্সিডেন্ট থাকে। আনহাতে দিনটোত যদি এটা আপেল খাই তেন্তে স্বাস্থ্য ভাল হৈ থাকিব। আপেলে ছালখনো সুস্থ কৰিব পাৰে। আপেলৰ পেষ্ট বনাই লগত কেইটোপালমান মৌ মিহলাই মুখতো লগাব পাৰে। ফলৰ ৰজা আমৰ নাম শুনিলেই জিভা পানী পৰে। আমক সোৱাদৰ বাবে ফলৰ ৰজা বুলি কোৱা হয়। এই আম প্ৰসাধন সামগ্ৰীও হ’ব পাৰে। আমৰ খাদ্যৰ কাষত হালধি আৰু আলমণ্ড অইল মিহলাই মুখত লগাব পাৰে।

Related Articles