ভাস্কুলাৰ চাৰ্জাৰীত নতুন কি আছে? চেন্নাই এপ’ল’ হাস্পাতালৰ ডাঃ ভি বালাজীৰ সংবাদমেল। (Vascular Surgery)
ভাস্কুলাৰ চাজৰিী হৈছে চিকিৎসা বিজ্ঞানৰ এটা শাখা যিয়ে ৰক্তবাহী নলীৰ ৰোগৰ সৈতে যুঁজ দিব পাৰে। ৰক্তবাহী নলী দুবিধ। ধমনীয়ে ভাল (অক্সিজেন যুক্ত) তেজ আৰু শিৰাই বেয়া (অক্সিজেন বিহীন) তেজ পৰিবাহিত কৰে। ভাস্কুলাৰ চাৰ্জন হৈছে মগজুৰ ভিতৰত আৰু হৃদযন্ত্ৰৰ বাহিৰে সমগ্ৰ শৰীৰৰ ৰক্তবাহী নলীৰ ৰোগৰ চিকিৎসা কৰা বিশেষজ্ঞ।
ধমনীৰ সাধাৰণ হ’ল পেৰিফাৰেল ভাস্কুলাৰ ডিজিজ নামৰ ব্লক আৰু এনিউৰিজিম নামৰ উখহি উঠা ৰোগ। এই সকলোবোৰ সমস্যাৰ বিপদজনক কাৰক হৈছে-বয়স, ধূমপান, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, উচ্চ কলেষ্টেৰল।
শিৰাৰ ৰোগ হৈছে ভেৰিক’জ ভেইন যি ৰোগ শিৰা দুৰ্বলৰ বাবে হয় অথবা শিৰাৰ ভিতৰত ক্লট জমা হোৱাৰ বাবে ডিপ ভেইন থ্রম্ব’ছিছ হ’ব পাৰে।
বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিয়ে ৰক্তবাহী নলীৰ ৰোগৰ চিকিৎসাত যথেষ্ট সহায় কৰিছে।
এই ৰোগত আক্রান্ত বেছিভাগ ৰোগীৰে এতিয়া নূন্যতম আক্রমণাত্মক পদ্ধতিৰে চিকিৎসা কৰা হয়।
ফলস্বৰূপে ৰোগীয়ে এনাচস্থেচিয়াৰ পৰা আঁতৰি আহি অতি সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে।
ধমনী ৰোগৰ বাবে সাধাৰণতে কৰা এণ্ড’ ভাস্কুলাৰ পদ্ধতিসমূহ হ’ল এজিঅ’প্লাষ্টি আৰু স্টেন্টিং য’ত বেলুন এটা পিনৰ ফুটাৰে ৰুগীয়া ধমনীত সোমাই প্ৰসাৰিত কৰা হয় আৰু প্রয়োজন হ’লে ষ্টেন্ট (ধাতুৰ নলী) স্থাপন কৰা হয়।
শিৰাৰ ফালে এতিয়া প্রায় সকলো ৰোগীকে পিন হোলৰ অস্ত্রপচাৰৰ দ্বাৰা চিকিৎসা কৰা হয়। মহিলাৰ ক্ষেত্ৰত অধিক প্রভাব পেলোৱা ভেৰিকোজ ভেইন এতিয়া এন্ডোভেনাছ ৰেডিঅ ফ্রিকুবেঞ্চি এবলেচন বা এন্ডোভেনাছ গলু প্ৰযুক্তিৰ দ্বাৰা সহজে চিকিৎসা কৰিব পৰা যায়। চিকিৎসালয়ত কেইঘণ্টামান থাকিলে দুয়োটা কামেই কৰিব পাৰি আৰু এদিন বা দুদিনতে কামলৈ ঘূৰি অহাৰ নিশ্চয়তা দিব পাৰি।
যিহেতু ভাস্কুলাৰ ৰোগ বৃদ্ধি পাই আহিছে সেয়ে এইসকল ৰোগীয়ে আগতীয়াকৈ ৰোগ নিৰ্ণয়ৰ বাবে বিশেষজ্ঞৰ কাষ চাপিব পাৰে আৰু সেইমতে চিকিৎসা কৰি শেহতীয়া অগ্ৰগতিৰ পৰা লাভবান হ’ব পাৰে।
আমি সুলভ মূল্যত ৰোগীৰ বাবে নিবেদিত ভাস্কুলাৰ সেৱা আগবঢ়াই আহিছো আৰু আমাৰ মূল লক্ষ্য হৈছে-সজাগতা সৃষ্টিৰ বাবে সকলো শ্ৰেণীৰ লোকৰ কাষ চাপিব পৰা আৰু আগতীয়াকৈ চিকিৎসা গ্রহণ কৰি ৰোগী উপকৃত হোৱা।
“আপেনাৰ অংগ ৰক্ষা কৰক- আপোনাৰ জীৱন ৰক্ষা কৰক”