Breaking

বৰ্তমানেও জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃণ অঞ্চল! উদ্যানখনৰ ৬৯ টা বন শিবিৰ জলমগ্ন…

0 50

বৰ্তমানেও জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃণ অঞ্চল। কাজিৰঙাত বানৰ ফলত বন্য জন্তুৰ আলৈ-আথানি। উদ্যানখনৰ মুঠ ২৩৩ টা বনশিবিৰৰ ৬৯ টা বন শিবিৰ জলমগ্ন।উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ ১৪ টা বন শিবিৰ, কহঁৰা বনাঞ্চলৰ ২২ টা, বাগৰী বনাঞ্চলৰ ২০ টা, বোকাখাত বনাঞ্চলৰ ৪ টা, বুঢ়াপাহাৰ ৪ টা, বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনৰ ১ টা বন শিবৰ জলমগ্ন। সোমবাৰৰ তথ্য অনুসৰি বৰ্তমানলৈ ১৩১ টা বন্যপ্ৰাণী বিভিন্ন কাৰণত নিহত হোৱাৰ বিপৰীতে ৯৭ টা বন্যজীৱ উদ্ধাৰ কৰা হৈছে। পানী শুকাবলৈ আৰম্ভ কৰিছে যদিও কাজিৰঙাত অন্ত পৰা নাই বান-দুৰ্যোগৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশাল তৃণভূমি এতিয়াও পানীৰ তলত। পানীৰে আবৃত হৈ আছে বনশিবিৰ সমূহো।

যিসমূহ ওলাই আহিব নোৱাৰা বহু বন্যপ্ৰাণীয়ে এতিয়াও আশ্রয় লৈ থাকিব লগিয়া হৈছে ৰাষ্ট্ৰীয় উদ্যান খনৰ হাইলেণ্ড সমূহত। এতিয়াও আশ্রয়লৈ আছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গঁড়, হাতী, ম’হ, হৰিণ আদি বন্যপ্রানীয়ে। বান শুকাবলৈ আৰম্ভ কৰিলেও বান দুৰ্যোগৰ অন্ত পৰা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। কাজিৰঙাৰ বিশাল তৃণভূমি এতিয়াও পানীৰ তলত। পানীৰে আবৃত হৈ আছে বনশিবিৰ সমূহো। হাইলেণ্ডৰ লগতে আন ওখস্থান সমূহতে আশ্রয় লৈ আছে বন্য জন্তু।

Leave A Reply

Your email address will not be published.