Breaking

ছবি গৃহত বহিৰাগত যুৱকক নিযুক্তি দিয়াৰ বাবে নাজিৰা ছবিগৃহ ঘেৰাও বীৰ লাচিত সেনাৰ…

0 42

অসম তথা স্থানীয় ভাৱে নিবনুৱাক এশ শতাংশ কৰ্মসংস্থাপন দিয়াটো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ দায়িত্ব। কিন্তু নাজিৰা বোলছবি সমবায় সমিতিয়ে থলুৱা যুৱক-যুৱতীক কৰ্মস্থলীৰ পৰা আঁতৰাই টংলা, ওদালগুৰি, গুৱাহাটী আদি বিভিন্ন স্থানৰ পৰা আনি মকৰল কৰা পৰিলক্ষিত হৈছে।

নাজিৰা বোলছবি সমবায় সমিতিৰ এনে থলুৱা বিৰোধী নীতিৰ প্ৰতিবাদত আজি বীৰ লাচিত সেনা, অসম আৰু অসমীয়া যুৱ মঞ্চৰ নাজিৰা আঞ্চলিক সমিতিয়ে যৌথভাৱে বোলছবি গৃহ ঘেৰাও কৰি ধৰ্ণা-প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে দহ দিনৰ চৰম সীমা বান্ধি দি বাহিৰৰ সকলক আতৰাই স্থানীয় যুৱক-যুৱতীক মকৰল নকৰিলে অনিৰ্দিষ্ট কাললৈ বোলছবি গৃহ তলাবন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।

Leave A Reply

Your email address will not be published.