Breaking

প্ৰবীণ ভাৱৰীয়া শিল্পী প্ৰতাপ চন্দ্ৰ বেজবৰুৱাৰ দেহাৱসান, পশ্চিম নলবাৰীত শোকৰ ছাঁ…

0 20

পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তর্গত জাগাৰা গোপালপুৰ চুবুৰী নিবাসী প্ৰতাপ চন্দ্ৰ বেজবৰুৱাৰ বুধবাৰে পুৱতি নিশা ৩-৫০ বজাত নলবাৰী মেডিকেল কলেজ হাস্পতালত বার্ধক্যজনিত ৰোগত ভূগি পৰলোকপ্ৰাপ্তি ঘটে ৷ সমগ্ৰ নলবাৰী জিলাৰ লগতে ভিন্ ভিন্ প্ৰান্তত ভাৱৰীয়া শিল্পী হিচাপে পৰিচিত,এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ তথা ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কর্মচাৰী বেজবৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮০ বছৰ ৷ ১৯৪৫ চনৰ ২৯ অক্টোৱৰত জন্ম গ্ৰহন কৰা শিল্পী বেজবৰুৱাই জীৱনত বিভিন্ন ঘাট প্ৰতিঘাট নেওচি সুদীর্ঘ ৫৬ বছৰ ধৰি ভাৱৰীয়া শিল্পৰ লগত জড়িত হৈ শিল্পী সত্তাক জীয়াই ৰখাৰ বাবে চেষ্টা চলাইছিল ৷ ২০২০ চনত তেওঁক অসম চৰকাৰে শিল্পী পেন্সন প্ৰদান কৰিছিল ৷

উল্লেখ্য যে জাগাৰা গোপালপুৰ ভাৱৰীয়া দলৰ দলপতি বেজবৰুৱাই অঞ্চলটোত কেইবাটাও ভাৱৰীয়া দলৰ জন্ম দিছিল৷ আনকি তেওঁ জীৱনৰ শেষ সময়লৈকে ভাৱৰীয়া শিল্পক নতুন প্ৰজন্মৰ জৰিয়তে জীয়াই ৰাখিবলৈ অহোপুৰুষার্থ কৰি আহিছিল ৷ উঠি অহা প্ৰজন্মক তেওঁ সাহস আৰু প্ৰেৰণাৰে উদ্বুদ্ধ কৰি থৈ গৈছে ৷ মৃত্যুৰ আগমূহুর্তলৈকে সর্বজন সমাদৃত ব্যক্তি হিচাপে পৰিগনিত এই প্ৰবীণ শিল্পী গৰাকীৰ মৃত্যুত সমগ্ৰ পশ্চিম নলবাৰীত শোকৰ ছাঁ পৰিছে ৷ তেখেতৰ মৃত্যুত জাগাৰাৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান,দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থা,সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘প্ৰজন্ম’,মাহেকীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী ‘জোনাক’ৰ বৃহত্তৰ পৰিয়ালবর্গ,উত্তৰ পুৰুষৰ মঞ্চই শোক ব্যক্ত কৰে ৷ আজি অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত জাগাৰাৰ ৰাজহুৱা শ্মশানত শিল্পী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুই পুত্ৰ-বোৱাৰী,তিনি জী-জোৱাই আৰু নাতি-নাতিনী এৰি থৈ যায়৷

Leave A Reply

Your email address will not be published.