Breaking

বিলাসীপাৰাত “গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ” কেন্দ্ৰীয় কমিটিৰ উদ্যোগত বিজয় উল্লাস পালন

0 91

অসম চৰকাৰে যোৱা কালি কেবিনেটত চাহ বাগিছা, জলহা জনগোষ্ঠী, চৈয়দ ৫ টা জনগোষ্ঠীৰ লগতে গৰিয়া-মৰিয়া দেশী জাতীয় জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰে। এই উপলক্ষে আজি ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰত গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ কেন্দ্ৰীয় সভাপতি সাহানাৱাজ হুছেইনৰ নেতৃত্বত গৰিয়া মৰিয়া দেশী জনগোষ্ঠীও সকলে দেশীও নৃত্য আৰু ফটকা ফুটুৱাই বিভিন্ন প্ৰতিধ্বনিৰে বিজয় উল্লাস পালন কৰে।

গৰিয়া মৰিয়া দেশীও জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৰিয়া মৰিয়াই ধন্যবাদ ও কৃতিত্ব জনায়। ২০০৬ চনৰ পৰা এই দাবী আছিল বুলি দাবী কৰে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শাহনাৱাজ হুছেইনে।

শিলবাৰীৰ পৰা লাতিফুল ইছলামৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.