Breaking

ডিমৌৰ শিশু কন্ঠশিল্পী ডৰিণ পৰিধিৰ একক কন্ঠৰ “অচিনা উলাহত” ভিডিঅ চিডি উন্মোচন

0 2,048

 কিংবদন্তী শিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ ২০ ছেপ্টেম্বৰৰ জন্ম দিনটোত কম দিনৰ ভিতৰতে অসমৰ সংগীত জগতত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা ডিমৌৰ উদীয়মান কন্ঠশিল্পী ডৰিণ  পৰিধিৰ এটি নতুন ভিডিঅ চি ডি মুকলি হয়। শিল্পীজনাৰ প্ৰতিচ্ছবিত বিশিষ্ট সাংবাদিক, লেখক ভাস্কৰ শৰ্মা আৰু ডৰিণ পৰিধিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিচতে অঞ্জুমণি- ২০২১ শ্ব্যডিঅ চিডিৰ  এটি গীতত কন্ঠদঢ়ন কৰা দৰদী শিশু কন্ঠশিল্পী ডৰিণ পৰিধিৰ একক কন্ঠৰ “অচিনা উলাহত” ভিডিঅ চিডিখন আজি ডিমৌ প্ৰেছ ক্লাৱত আয়োজিত  আৰু সাংবাদিক হিন্দুজ্যোতি গগৈয়ে আঁত ধৰা অনুষ্ঠানত উন্মোচন কৰে শিৱসাগৰৰ প্ৰতিথযশা সংগীতজ্ঞ অনুধৃতি মহন্তই। আৰ পি চি প্ৰডাকচনৰ বেনাৰত জনপ্ৰিয় গীতিকাৰ দীগ দিগন্ত বৰুৱাৰ ৰচনা আৰু সুৰেৰে, গুৱাহাটীৰ নিতুন কাল্পনিকৰ সংগীত ব্যৱস্থাপনা, পাৰ্থ মেছৰ ভিডিঅ, নিৰ্দেশনা, বিমান বৰুৱা অসমীয়াৰ সম্পাদনাৰে ইউ টিউৱৰ ধ্বনি ৰেকৰ্ডছ চেনেলৰ যোগেদি আজি ডৰিণৰ ভিডিঅ চি ডিখনি মুকলি হয়। বিশিষ্ট লেখক, সমালোচক ভাস্কৰ শৰ্মা, দীগ দিন্ত বৰুৱা, নিতুন কাল্পনিক, সুভাষ গগৈ, পল্লৱিকা গগৈ, গৌতম কোঁৱৰ, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি আদিত্য শৰ্মা, সাংবাদিক, শেখৰজ্যোতি দুৱৰী, উমেশ চেতিয়া আদিৰ উপস্থিতিত এক মনোগ্ৰাহী অনুষ্ঠানৰ মাজত সম্ভাৱনাপূৰ্ণ কন্ঠশিল্পী ডৰিণ পৰিধিৰ”অচিনা উলাহত” গীতটি ইউ টিউবত মুকলি কৰা হয়। সকলোৱে এই গীতটোৱে দৰ্শক ৰাইজ তথা সংগীতপ্ৰেমীৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.