কবিতা ৰ্শমা৷ দিল্লী ।
দেৱী সৰস্বতী হিন্দু ধৰ্মৰ প্ৰমুখ দেৱী সকলৰ অন্যতম। মাঘ মাহৰ শুক্লা পঞ্চমী (জানুৱাৰী – ফেব্ৰুৱাৰী ) মাহৰ পবিত্ৰ তিথিত এই পূজা কৰা হয়৷ বসন্ত ঋতুৰ সুআগমনৰ বতৰা অনাৰ বাবে এই পূজাক “ বসন্ত পঞ্চমী ” বুলিও জনা যায় ৷ সাধাৰণতে সকলো শিক্ষানুষ্ঠানত বিদ্যাৰ্থী আৰু শিক্ষক – শিক্ষয়িত্ৰী সকলোৱে অতি মহত্ত্বপূৰ্ণ আৰু ভক্তি ভাবেৰে এই পূজা বিধি পালন কৰে ৷ কেবল বিদ্যাৰ্থী সকলেই কিয়? প্ৰতিজন ব্যক্তি, যি বিদ্যা , বুদ্ধি আৰু জ্ঞানৰ পূজাৰী , সাহিত্য আৰু সঙ্গীতৰ অনুৰাগী , কলাৰ ব্ৰতী সেই সকলোৱে ঘৰে ঘৰে সৰস্বতী পূজা কৰে ৷ পূজাৰ দিনা প্ৰতিমা স্থাপন কৰি, ফলমূল – পৰমান্ন ভোগৰ নৈবদ্য আগবঢ়োৱা হয়৷ পূজাৰ শেষত প্ৰসাদ বিতৰণ কৰা হয় ৷ লৰা ছোৱালী বিলাকৰ বিদ্যাৰ প্ৰাৰম্ভণি এই দিনটোতে কৰা হয় ৷
কথিত আছে যে এই দিনটোতে ব্ৰহ্মাৰ মুখৰ পৰা সৰস্বতীৰ জন্ম হৈছিল। সেই সময়ত পৃথিৱীৰ জলধাৰাত কোলাহল ব্যপ্ত হৈ পৰিছিল , বতাহৰ সো -সোৱনীৰ শব্দত প্ৰকৃতি মুখৰ হৈ পৰিছিল ৷ নিৰস পৃথিৱী ৰসাল হৈ পৰিছিল ৷ দেৱতা সকলে তেতিয়াই শব্দ আৰু ৰসৰ সঞ্চাৰ কৰিব পৰা জ্ঞান ,বিদ্যা , সঙ্গীত , সাহিত্য আৰু কলাৰ অধিষ্ঠাত্ৰী দেৱীৰ ৰূপত সৰস্বতী নাম দিলে ৷ ইয়াৰ বাহিৰেও শতৰূপা , বীণাপাণি , বাগদেৱী , ভাৰতী , বাণী , কৌশিকী , মহাশ্বেতা , হংসবাহিনী আদি শত নামেৰে সৰস্বতী দেৱীক জনা যায় ৷ সৰস্বতী দেৱীক সদায় এগৰাকী শুভ্ৰবসনা লাৱণ্যময়ী শান্ত সৌম্য নাৰীৰ ৰূপত চিত্ৰিত কৰা হয় ৷ দেৱীৰ আসনঃ শ্বেত কমল , বাহনঃ শ্বেত ৰাজহংস৷ দেৱীয়ে চাৰিখন হাতত বেদ -পুস্তক , স্ফটিকৰ মালা , বীণা আৰু কমণ্ডলু ধাৰণ কৰে।সৰস্বতীৰ শুভ্ৰ ৰং পবিত্ৰতা আৰু শান্তিৰ প্ৰতীক ৷ শিক্ষা প্ৰাপ্তিৰ বাবে পবিত্ৰতা সকলোতকৈ প্ৰয়োজনীয় ৷ পবিত্ৰতাৰ পৰা শ্ৰদ্ধা আৰু একাগ্ৰতাৰ জন্ম হয় ৷