Breaking

কুলবিন্দৰ কৌৰলৈ মুকলি সমৰ্থন বিশাল দাদলানীৰ! কংগনা ৰনাৱতক চৰিয়াই শাস্তিৰ সন্মুখীন…

0 27

বৃহস্পতিবাৰে চণ্ডীগড় বিমানবন্দৰত চিআইএছএফৰ কনিষ্টবলৰ সৈতে এক অনাকাংক্ষিত পৰিস্থিতিত সোমাই পৰে কংগনা৷ পিচত এই ঘটনা সন্দৰ্ভত এক বিবৃতিত তেওঁ নিজৰ সুৰক্ষাৰ আশ্বাস দিয়ে। ইফালে সংগীত সুৰকাৰ তথা গায়ক বিশাল দাদলানীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে এই কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ চিআইএছএফৰ মহিলাগৰাকীৰ কংগনাৰ প্ৰতি থকা ক্ষোভৰ বিষয়ে বুজাবুজি প্ৰকাশ কৰি তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিলে তেওঁৰ বাবে চাকৰি নিশ্চিত কৰাৰ প্ৰস্তাৱ দিয়ে বিশালে। বিশালে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ঘটনাৰ ভিডিঅ’ ৰিপ’ৰ্ট পোষ্ট কৰি কয়, “মই কেতিয়াও হিংসাক সমৰ্থন নকৰো, কিন্তু এই  কৰ্মীসকলৰ ক্ষোভ মই বুজি পাওঁ।” যদি চিআইএছএফে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে মই নিশ্চিত কৰিম যে তেওঁ গ্ৰহণ কৰিলে তেওঁৰ বাবে এটা চাকৰিয়ে অপেক্ষা কৰি আছে। জয় হিন্দ। জয় জৱান। জয় কিষাণ।”


ইন্দিৰা গান্ধী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে কংগনাই এজাহাৰ দাখিল কৰে৷ তাৰ পিচতে উক্ত ঘটনাত জড়িত চি আই এছ এফৰ কনিষ্টবল কুলবিন্দৰ কৌৰক আটক কৰি নিলম্বন কৰা হয়। কৌৰৰ নিলম্বনৰ পিচত বিশালে আৰু অধিক ইনষ্টাগ্ৰাম ষ্ট’ৰী পোষ্ট কৰি কৌৰৰ এই কাৰ্যক সমৰ্থন কৰাসকলক প্ৰশ্ন কৰে। চাকৰি হেৰুৱালে চাকৰি বিচাৰিবলৈ সহায় কৰাৰো প্ৰস্তাৱ দিয়ে বিশালে।
ইফালে, কংগনাই এই ঘটনাক লৈ চলচ্চিত্ৰ উদ্যোগৰ মৌনতাক সমালোচনা কৰি সম্ভাব্য প্ৰতিক্ৰিয়াৰ বিষয়ে সকীয়াই দিয়ে। শেহতীয়াকৈ হিমাচল প্ৰদেশৰ মণ্ডীৰ পৰা লোকসভালৈ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা কংগনাই কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে ৭৪ হাজাৰৰো অধিক ভোটৰ যথেষ্ট ব্যৱধানত বৃহৎ জয়লাভ কৰে।

Leave A Reply

Your email address will not be published.