ঢকুৱাখনাত সাহিত্য সভা আৰু আছুৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস পালন

আজি সমগ্ৰ ৰাজ্যৰ লগতে ঢকুৱাখনাৰো বিভিন্ন ঠাইত সত্য,শিৱ,সুন্দৰৰ পূজাৰী কলাগুৰু বিষ্ণু ৰাভাৰ দিৱস উদযাপন কৰা হয়।ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা আৰু পশ্চিম ঢকুৱাখনা শাখা সাহিত্য সভাৰ উদ্যোগত পশ্চিম ঢকুৱাখনা হাইস্কুলত আজি দিনজোৰা কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস পালন কৰা হয়।এই দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন,কবিতা আবৃত্তি,ৰাভাৰ জীৱন দৰ্শন সন্দৰ্ভত বক্তৃতা প্ৰতিযোগিতা আদি আয়োজন কৰা হয়।অসম সাহিত্য সভাৰ আজীৱন সদস্য প্ৰমোদ দত্তৰ সঞ্চালনাত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসৰ মূল অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে বক্তব্য আগবঢ়াই ঢকুৱাখনা কলেজৰ অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াই।এই অনুষ্ঠানত প্ৰধান শিক্ষক প্ৰদীপ দত্ত, পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ সভাপতি দুলাল দত্ত, কবি,লেখিকা দীপশিখা খাউণ্ডকে আদি কৰি ভালেসংখ্যক গণ্য-মান্য লোকে অংশগ্ৰহণ কৰে।

ইফালে ঢকুৱাখনাৰ বান্টৌ গাঁও,বামণগাঁও,পাতৃচুক চামপৰাকে আদি কৰি ঢকুৱাখনা মহকুমাৰ বিভিন্ন ঠাইত গীতে মাতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ কৰা হয়।

Related Articles