বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এদিনীয়া কৰ্মশালা

বিশ্বনাথৰ প্ৰায় আঠ কিলোমিটাৰ উত্তৰে পাভৈ অঞ্চলত অৱস্হিত সমগ্ৰ অসমৰ এক সৰ্ববৃহৎ মৎস্য প্ৰজনন কেন্দ্ৰ ‘পাভৈ ফিছ্ ফাৰ্মত’ বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত এখনি এদিনীয়া কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। বিভাগটোৰ সহকাৰী অধ্যাপক ড: ৰাহুল শৰ্মাৰ নেতৃত্বত মহাবিদ্যালয় খনিৰ বিভাগটোৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। ড: ৰাহুল শৰ্মাই আঁত ধৰা উক্ত কৰ্মশালা খনি শুভ উদ্বোধন কৰে কেন্দ্ৰটোৰ প্ৰতিস্হাপক স্বত্বাধীকাৰী তথা বিশ্বনাথ অঞ্চলৰ সৰবৰহী বৰ্ষীয়ান ব্যক্তি শ্ৰীযুত বীৰেন ভাগৱতী দেৱে। উদ্বোধনী ভাষণত তেখেতে  ফাৰ্মখনৰ আৰম্ভনিৰে পৰা বৰ্তমানলৈকে ইতিহাস ৰোমন্থন কৰাৰ লগতে কেন্দ্ৰটোত চলি থকা প্ৰায় বিশ বিধ মাছৰ প্ৰজনন সম্পৰ্কে বিস্তৃত বাখ্যা আগবঢ়ায়। তেখেতে ভাষণ প্ৰসঙ্গত মৎস্য পালনৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সম্পৰ্কেও বিতংতথ্য আগবঢ়ায়। দিনযোৰা কাৰ্যসূচীৰে চলা  অনুষ্ঠানটিত সমল ব্যক্তিৰ ভূমিকা পালন কৰে প্ৰজনন কেন্দ্ৰটোৰ পৰিচালক তথা বৰ্তমানৰ স্বত্বাধিকাৰী শ্ৰীযুত ভাৰ্গৱ ভাগৱতীয়ে।

পুৱা দহ বাজি ত্ৰিশ মিনিটৰ পৰা বাৰ বজালৈ কেন্দ্ৰটোৰ সভাকক্ষত অনুষ্ঠিত হোৱা কৰ্মশালা খনিত সমল ব্যক্তি গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক মাছৰ প্ৰজননৰ স্তৰ সমুহ বিতং ভাৱে ‘পাৱাৰ পইণ্ট’ৰ সহায়ত প্ৰদৰ্শন কৰাৰ লগতে এক সাৱলীল বক্তিতা প্ৰদান কৰে। বক্তিতাৰ পিছতেই তেখেতে অনুষ্ঠানত উপস্থিত অধ্যাপকসকলৰ লগতে ছাত্ৰ ছত্ৰী সকলক উৎপাদন ক্ষেত্ৰলৈ লৈ গৈ মৎস্য প্ৰজননৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে। প্ৰায় চাৰি ঘণ্টা যোৰা অনুষ্ঠানটিত উপস্থিত থাকি সামৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয় খনিৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড: বিশ্বজিৎ শৰ্মাই। ড: শৰ্মাই ছাত্ৰ ছাত্ৰী সকলক কেৱল মাত্ৰ পাঠ্যক্ৰমৰ মাজতে আবদ্ধ নাথাকি ইচ্ছুক সকলক ভৱিষ্যতৰ দিনত মৎস্য উৎপাদনৰ লগত জড়িত হৈ নিজকে স্বাৱলম্বী হ’বলৈ আহ্বান জনায়। অনুষ্ঠিনটিৰ উদ্বোধক আৰু সমল ব্যক্তি দুয়োগৰাকীকে অনুসষ্ঠিনটি আনুষ্ঠিত কৰি মৎস্য প্ৰজনন সম্পৰ্কে সমুদায় জ্ঞান প্ৰদান কৰাৰ বাবে বিভাগটোৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অচিৰেই মহাবিদ্যালয়খনিৰ কতৃপক্ষৰ লগত আলোচনা কৰি দুয়োটা অনুষ্ঠানৰ মাজত বিদ্যায়তনিক দিশৰ এখনি বুজা বুজিৰ চুক্তি সম্পাদন কৰিব বুলি পোষকতা কৰে। শেষত উপস্হিত সকলোকে শলাগৰ শৰাই আগবঢ়াই দিনযোৰা এই কৰ্মশালা আৰু প্ৰশিক্ষণ অনুষ্ঠানৰ অন্ত পৰে।

Related Articles