Breaking

বিশ্বনাথৰ মহজুলিবস্তি গৰাখহনীয়াৰ কবলতঃ বান্ধ নিৰ্মাণৰ দাবী ৰাইজৰ

0 62

বিশ্বনাথৰ চেলাইখাতি পঞ্চায়তৰ অন্তৰ্গত মহজুলিবস্তি এতিয়া প্ৰবল গৰাখহনীয়া কবলত৷ যিকোনো মুহুৰ্তত গৰাখহনীয়াৰ কবলত পৰি থানবান হ’ব পাৰে মহজুলিবস্তিৰ নেপালী গাওঁ৷

সম্প্ৰতি গাওঁখনৰ গাতে লাগি থকা অসম অৰুণাচল সীমান্তৱৰ্তীৰ পৰা বৈ অহা কলানদীয়ে এতিয়া ধাৰন কৰিছে কালৰূপ ৷ ইতিমধ্যে গাওঁখনৰ কেইবাবিঘা খেতিমাটি জাহ গৈছে কলানদীত৷

ইপিনে নদীখনৰ কাষেৰে যোৱা একমাত্ৰ পথটোও খহনীয়াত পৰি নিঃচিহ্ন হোৱাৰ পথত ৷ গাঁৱবাসীৰ ভাষ্য অনুসৰি বিভাগীয়ভাবে বান্ধ নিৰ্মানৰ বাবে বিষয়া সকলে পৰিদৰ্শন কৰিছিল যদিও ফোটোকাৰ ফেনত পৰিণত হল ৷

তিনিবছৰে নহল বান্ধ নিৰ্মাণৰ কাম ৷ সেয়েহে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি অহা মহজুলিবস্তি নেপালীগাওঁৰ কাষেৰে যোৱা কলানদীত খহনীয়া ৰোধৰ হেতু বান্ধ নিৰ্মাণৰ বাবে বিশ্বনাথ সমষ্টিৰ বিধায়কলৈ দাবী জনাই স্থানীয় ৰাইজে ৷

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

Leave A Reply

Your email address will not be published.