Ratan Tata Passes Away: উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানত প্রধানমন্ত্রী মোদীৰ শোক প্ৰকাশ

নতুন দিল্লী,১০ অক্টোবৰ: মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে ৮৬ বছৰ বয়সত ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান ঘটে। এই খবৰ পোৱাৰ পাছত, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে(Prime Minister Narendra Modi) তেওঁৰ বিয়োগত শোক প্ৰকাশ কৰি টাটাক এগৰাকী “দুৰদৰ্শী ব‍্যৱসায়ী নেতা”, “দয়ালু আত্মা” আৰু “অসাধাৰণ মানৱ” বুলি অভিহিত কৰি শোক প্ৰকাশ কৰে(Ratan Tata Passes Away at 86, Tribute by PM Modi)।

প্ৰধানমন্ত্ৰীয়ে X (পূৰ্বৰ টুইটাৰ) ত লেখিছে, “শ্ৰী ৰতন টাটাজীয়ে ডাঙৰ সপোন দেখা আৰু সমাজলৈ উভতাই দিয়াৰ যি উদাৰ মনোভাৱ দেখুৱাইছিল, সেইয়া সদায়েই অদ্বিতীয়। শিক্ষা, স্বাস্থ্যসেৱা, অনাময় আৰু পশু কল্যান আদিৰ দৰে বহুক্ষেত্ৰত তেওঁ আগৰণুৱা আহিছিল।”(Tributes to Ratan Tata)

মোদীয়ে লগতে কয় যে, টাটাই কেৱল টাটা গ্ৰুপৰ নেতৃত্ব প্ৰদান কৰাতেই সীমাবদ্ধ নাথাকি, ব‍্যৱসাৰ বাহিৰতো তেওঁৰ অৱদান আছিল চিৰস্মৰণীয়। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁক সঘনাই লগ পোৱাৰ কথা উল্লেখ কৰি বিশিষ্ট উদ্যোগপতিগৰাকীৰ সৈতে থকা পুৰণি সম্পর্কক স্মৰণ কৰে নৰেন্দ্ৰ মোদীয়ে ।

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে(Vice-President Jagdeep Dhankhar) টাটাৰ দেহাৱসানত শোক প্ৰকাশ কৰি তেওঁক “ভাৰতৰ উদ‍্যোগ জগতৰ এটা উচ্চ প্ৰতিষ্ঠিত ব্যক্তি” বুলি অভিহিত কৰে। তেওঁৰ মতে, ব্যৱসায়িক দক্ষতা আৰু দয়াশীলতাৰ সমন্বয়ৰ বাবে টাটাই ভাৰতৰ উদ্যোগ ক্ষেত্ৰখনত এক অনন্য স্থান লাভ কৰিবলৈ সক্ষম হৈছিল(Famous industrialist Ratan Tata) ।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defence Minister Rajnath Singh) নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, “শ্ৰী ৰতন টাটাৰ মৃত্যুত মৰ্মাহত হৈছো । তেখেত ভাৰতৰ উদ্যোগ জগতখনৰ এগৰাকী মহান নায়ক আছিল, যাক আমাৰ অৰ্থনীতি, ব্যৱসায় আৰু উদ্যোগ ক্ষেত্ৰখনত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে জনা যায় । তেখেতৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক”।

এইগৰাকী বিশিষ্ট উদ্যোগপতি ৰতন টাটাই বুধবাৰে নিশা মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । কিছুদিনৰ পৰা তেওঁ অসুস্থ অৱস্থাত হাস্পতালত ভৰ্তি হৈ আছিল। টাটা চন্সৰ বৰ্তমান অধ্যক্ষ এন চন্দ্ৰশেখৰে টাটাক তেওঁৰ “বন্ধু, পৰামৰ্শদাতা আৰু মাৰ্গদৰ্শক” হিচাপে অভিহিত কৰি এক শোকবার্তা প্ৰকাশ কৰে।

লগতে পঢ়ক: Ratan Tata Dies: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান, ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

Related Articles