Vistara Bomb Threat: দিল্লীৰ পৰা লণ্ডন অভিমূখী বিমানত বোমাৰ ভাবুকি, ফ্ৰেংকফৰ্টত জৰুৰীকালিন অৱতৰণ

নতুন দিল্লী, ১৯ অক্টোবৰ: শুকুৰবাৰে দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিষ্টাৰাৰ এখন বিমানে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰাৰ পাছতে বিমানখনক ডাইভাৰ্ট কৰি লৈ গৈ ফ্ৰেংকফৰ্টত(Frankfurt airport) বিমানখনৰ জৰুৰী অৱতৰণ কৰা হয়(Vistara Bomb Threat)। অৱতৰণৰ পিছত বিমানখনৰ পৰীক্ষা কৰা হ’ল যদিও বিমানত সন্দেহজনক কোনো বস্তু পোৱা নগ’ল। শেহতীয়াকৈ বহুকেইখন বিমানৰ ক্ষেত্ৰত দেখা দিয়া বোমা বিস্ফোৰণৰ কেইবাটাও ভুৱা ভাবুকিয়ে চিন্তিত কৰি তুলিছে সকলোকে ।

শনিবাৰে পুৱা বিমান সংস্থাটোৰ(Vistara airline) এগৰাকী মুখপাত্ৰই এটা বিবৃতিত কয় যে, বোমাৰ ভাবুকি লাভ কৰাৰ পাছতে বিমানখন ফ্ৰেংকফৰ্ট বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰি পৰীক্ষা কৰা হয়। নিৰাপত্তা সংস্থাৰ পৰা ক্লিয়াৰেন্স পোৱাৰ পিছতে পুনৰ গন্তব্যস্থানলৈ যাত্ৰা কৰিব বিমানখন(Vistara flight from Delhi to London)। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, যোৱা ১৮ অক্টোবৰতো দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিষ্টাৰৰ আন এখন বিমানতো ছ’চিয়েল মিডিয়াৰ জড়িয়তে নিৰাপত্তা সম্বন্ধীয় আন এটা ভাবুকি পোৱা গৈছিল।

শুকুৰবাৰে লণ্ডন অভিমুখী ভিষ্টাৰাৰ বিমানখনে লাভ কৰা বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতেই এই তথ্য ততাতৈয়াকৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছিল । লগতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানখনত থকা পাইলটে বিমানখনক ফ্ৰেংকফৰ্টৰ দিশে লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইফালে, আকাছা এয়াৰ কৰ্তৃপক্ষই জনোৱা মতে, শুকুৰবাৰে বেংগালুৰুৰ পৰা মুম্বাই(Bengaluru to Mumbai) অভিমুখী QP 1366 নম্বৰৰ বিমানখনে উৰণৰ কিছু সময়ৰ পূৰ্বে নিৰাপত্তাৰ ভাবুকিক লৈ এক সতৰ্কবাণী লাভ কৰিছিল।

বিমান সংস্থাটোৱে টুইটাৰত দিয়া এটা পোষ্টৰ জড়িয়তে উল্লেখ কৰে যে, এই বাৰ্তা লাভ কৰাৰ পাছতেই নিৰাপত্তা প্ৰক্ৰিয়া অনুসৰি যাত্ৰীসকলক ডিব’ৰ্ড কৰি বিমানখনত তালাচী চলোৱা হয়।

উল্লেখ্য যে, যে যোৱা কেইটামান দিনত ইণ্ডিয়ান এয়াৰলাইন্সৰ দ্বাৰা পৰিচালিত প্ৰায় ৪০ খন বিমানে ভুৱা বোমাৰ ভাবুকি লাভ কৰিছিল। ইতিমধ্যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমানত ভুৱা বোমাৰ ভাবুকিৰ ঘটনা ৰোধ কৰিবৰ বাবে কঠোৰ নিয়ম বলবৎ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াত অপৰাধীসকলক ন’-ফ্লাই তালিকাত ভৰোৱাটোও অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক: Bomb threat on Air India flight: পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক ! কানাডাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ

Related Articles