Breaking

বিবেকানন্দ কেন্দ্ৰ কণ্যাকুমাৰী কামৰূপ শাখাৰ উদ্যোগত গুৱাহাটীত আয়োজন যোগ দিৱসৰ…

0 39

২০২৪ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিবেকানন্দ কেন্দ্ৰ কণ্যাকুমাৰী, কামৰূপ শাখাৰ উদ্যোগত গুৱাহাটীৰ লটাশিল খেল পথাৰত ২১ জুনত পুৱা ৬ বজাৰ পৰা ৭:৩০বজালৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। সমগ্ৰ কামৰূপ মহানগৰৰ প্ৰায় দুই হাজাৰ লোক সমবেত হ’ব লগা যোগ দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থাকিব কেইবা গৰাকীও বিশিষ্ট ব্যক্তি। এই সন্দৰ্ভত বিবেকানন্দ কেন্দ্ৰ গুৱাহাটী মহানগৰৰ কৰ্মকৰ্তা সকলকলৈ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক সংস্থাত এখন সভা অনুষ্ঠিত হয়।


উল্লেখ্য যে, যোগক বিবেকানন্দ কেন্দ্ৰৰ প্ৰাণ স্বৰূপ বুলি কোৱা হয়।ভাৰতৰ বিভিন্ন প্ৰান্তত বিবেকানন্দ কেন্দ্ৰৰ নিয়মিত যোগৰ অভ্যাস হৈ থাকে।গুৱাহাটীতো ২২ টা স্থানত নিয়মিত যোগ বৰ্গ চলি আছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে লটাশিল খেল পথাৰত অনুষ্ঠিত হ’ব লগা যোগ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে ৮৬৩৮৮-৮৬৩৮৪ আৰু ৭০০২৬-৫২২৯৫ নম্বৰত যোগাযোগ কৰি নাইবা উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক সংস্থাত নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Leave A Reply

Your email address will not be published.