খণ্ড-৩ : স্বচ্ছন্দ সাংবাদিকতাৰ প্ৰত্যাহ্বান নেওচি

প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক

আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ

✍ মনজিৎ কুমাৰ শৰ্মা

“The only really committed artiste is he who, without refusing to take part in the combat,

at least refuses to join the regular armies and remains a freelance”

মাত্ৰ ৪৪ বছৰ বয়সতেই সাহিত্যৰ নোবেল বটাৰে বিভূষিত ফৰাচী লেখক, সাংবাদিক আলবেয়াৰ কেমু’ৰ উপৰোক্ত ভাষ্যফাকিৰ আলমত কব পাৰি, হয়, কোনো বিশেষ বাহিনীৰ সদস্য নোহোৱাকৈয়ো এজন ব্যক্তিয়ে চলাই যাব পাৰে যুদ্ধ। সেইয়া কলমেৰেই নহওঁক কিয়! কেমু’ৰ ভাষাত সেইজনেই প্ৰকৃত শিল্পী। বিহংগম দৃষ্টিৰে চালে সত্যৰ সাধনাৰ পথাৰখনত তেনে ব্যক্তিয়েই সঁচা অৰ্থত সমাজৰ অতন্দ্ৰ প্ৰহৰী। স্বচ্ছন্দ সাংবাদিকতা নাইবা স্বতন্ত্ৰ সাংবাদিকতা তেনেকুৱাই এক সাধনা। এই তপস্যাত কোনো এক বিশেষ আদৰ্শৰে চলা সংবাদগোষ্ঠীৰ সৈতে স্থায়ীভাৱে সংলগ্ন নোহোৱাকৈয়ো এজন সাংবাদিকে কৰি যাব পাৰে গণমাধ্যমৰ চৰ্চা। অৱশ্যে শুনিবলৈ ভাল লাগিলেও স্বচ্ছন্দ সাংবাদিকতাৰে জীৱিকা অৰ্জন কৰিবলৈ ইমান সহজ জানো ? তথাপিও কেনেকৈ বাৰু বহুতেই স্বত্ন্তৰীয় সাংবাদিকতাকেই বাছি লয় আত্মপ্ৰতিষ্ঠাৰ মাধ্যম হিচাবে ? ২০০২ চনত পাকিস্তানত উগ্ৰপন্থীৰ নৃশংসতাৰ বলী হোৱা The Wall Street Journalৰ দক্ষিণ এচিয়া প্ৰান্তৰ কাৰ্য্যালয় মুৰব্বী, আমেৰিকান মূলৰ বিশিষ্ট সাংবাদিক ডেনিয়েল পাৰ্ল’ৰ পত্নী মেৰিয়েন পাৰ্ল তেনেকুৱাই এগৰাকী স্বতন্ত্ৰ সাংবাদিক। স্বামীৰ নৃশংস হত্যাৰ প্ৰবল মনোকষ্টয়ো টলাব পৰা নাই যাৰ হৃদয়ৰ আহ্বানক। সেয়েহে সেই নৃশংস ঘটনাৰ পাছতো তেওঁ অবিৰতভাৱে কাৰ্যনিৰ্বাহ কৰি গ’ল এগৰাকী স্বচ্ছন্দ (ফ্ৰিলেঞ্চ) সাংবাদিক ৰূপে আৰু ২০০৩ চনত প্ৰকাশ কৰি উলিয়ালে A Mighty Heart নামৰ বহুল ভাৱে সমাদৃত এখনি সোৱৰণী গ্ৰন্থ। জীৱনৰ বাটত প্ৰত্যাহ্বান যিমানেই প্ৰবল, সেই প্ৰত্যাহ্বানকো নেওচি, নিজৰ অন্তৰাত্মাৰ আহ্বানলৈ সহাৰি জনাব পৰা সকলেই হয়তো বাচি ল’ব পাৰে স্বচ্ছন্দ সাংবাদিকতাৰ দৰে বৃত্তিক। সেইয়া যোৱাটো শতিকাৰ অন্তিমটো দশকৰ শেষ চোৱাৰ কথা। চন বোৰ সঠিক মনত নাই যদিও ৯৭/৯৮ চন মানৰ কথা হ’ব। গুৱাহাটীত তেতিয়া ইন্টাৰনেট ব্যৱস্থা সুলভ নাছিল। আঙুলি মুৰত গনিব পৰাকৈ দুই এখন ইন্টাৰনেট ক্যাফে’ খোল খাইছে মাত্ৰ। শিলপুখুৰীৰ গোস্বামী চাৰ্ভিচ তেল ডিপো’ৰ সমীপৰ নৱনিৰ্মিত ভূ-তল বজাৰ চৌহদৰ এটা সৰু কোঠালীত ঠিক তেনেই এখন ক্যাফে’ আৰম্ভ কৰিছিল এজন উদ্যমী অসমীয়া যুৱকে। সম্পূৰ্ণ নামটো সঠিক মনত নাই, বোধকৰোঁ নিকুঞ্জ আছিল। সেই ক্যাফে’লৈ দৈনিক সোত বৈছিল অসংখ্য মানুহৰ। বিশেষকৈ সেই সকলৰ, যিয়ে গণমাধ্যমৰ এই নতুন আহিলাটিৰ প্ৰতি প্ৰবল ভাৱে আকৰ্ষিত আছিল। ঠিক সেইখিনি সময়তেই (হয়তো কিছু অগা পিছাকৈ) সাদিন প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা প্ৰকাশ পাবলৈ আৰম্ভ কৰিছিল এখন নতুন ইংৰাজী দৈনিক কাকত। নাম আছিল The Northeast Daily। কাকতখনৰ সম্পাদনাৰ দ্বায়িত্ব লৈছিল বিশিষ্ট সাংবাদিক ৱাচবীৰ হুছেইনে। আৰু সেই কাকতখনতেই নিজা সাংবাদিক ৰূপে কৰ্মৰত হৈ আছিল আমাৰ বহুকেইজন বন্ধু। সেই সময়ত The Assam Tribune কাকতত আমিও অলপ অচৰপকৈ দুই এটা লেখা মেলা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। গতিকে দুয়োখন কাকতৰ কাৰ্যালয় দুয়োটাও ওচৰা ওচৰিকৈ অৱস্থিত হোৱাত আমি নিকুঞ্জ’ৰ ইন্টাৰনেট ক্যাফে’তেই প্ৰায়েই সাংবাদিক বন্ধু মহলৰ সৈতে আড্ডা মাৰি সময় কটাওঁ। তাতেই প্ৰথম বাৰ লগ পাইছিলো এজন স্বতন্ত্ৰ সাংবাদিকক। The Northeast Dailyত তেওঁ নিয়মীয়াকৈ লেখা মেলা কৰিছিল। অৱশ্যে ইন্টাৰনেট ক্যাফে’খনত নিজৰ যাৱতীয় কাম কৰি তেওঁ খুউব বেছি সময় আমাৰ সতে কেতিয়াও কটোৱা নাছিল। ক’লৈ যায় বুলি শুধিলে প্ৰেছ ক্লাবলৈ যাওঁ বুলি কৈ তেওঁ প্ৰায়েই লৰালৰিকৈ বিদায় লয়। সময় বাগৰাৰ লগে লগে নিকুঞ্জ’ৰ ইন্টাৰনেট ক্যাফে’ত ৰাইজৰ সমাগম বৃদ্ধি পাবলৈ ধৰিলে। দুটা নে তিনিটা কম্পিউটাৰত দুপৰীয়া নাইবা সন্ধিয়া যেতিয়াই ভৰি দিওঁ তেতিয়াই মানুহ ভৰি থকা দেখিবলৈ পাওঁ। বাহিৰৰ ফুটপাথতেই সেয়েহে প্ৰায়েই অপেক্ষা কৰিব লাগে, বহু পৰ। তেনেকুৱা সময়তেই এজন দুজনকৈ বহু চিনাকী ব্যক্তি আহি সেই স্থানত জমা হয়হি। আৰু প্ৰায়েই সেই ক্যাফে’লৈ অহা মৃদুভাষী, সুমাৰ্জিত, সকলো কথাতে সজাগ আৰু উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত সততেই পঢ়া শুনা কৰি আৰু লিখি ভালপোৱা এই স্বতন্ত্ৰ সাংবাদিক গৰাকীকো আমি লগ পাওঁ। লাহে লাহে ভাৱৰ আদান প্ৰদান হ’ল, আমাৰ চিন্তাৰ গভীৰতা বোৰো বাস্তৱিক ভাৱে সুগভীৰ হ’বলৈ ল’লে। তেনেকৈয়ে এদিন কথা প্ৰসংগত আমাৰ মাজত আলোচনা হ’ল প্ৰেছ ক্লাবত কেইটামান কম্পিউটাৰ স্থাপনৰ বিষয়টো। সেই সময়ত বোধকৰোঁ প্ৰতি ঘন্টা ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ ক্যাফে’বোৰে ১০০ টকা মানকৈ লৈছিল (তেতিয়াৰ সময়ত ১০০ টকাৰ মুল্য যঠেষ্ট বেছি আছিল। ৱিলছ্ ফিল্টাৰটোৰ দাম বোধকৰোঁ ৬০ পইছা আৰু এতিয়া হয়তো ১০ টকাৰো ওপৰ)। অথচ ইন্টাৰনেটৰ গতিবেগ আছিল অতি মন্থৰ। আনহাতে আমাৰ লেখীয়া স্বতন্ত্ৰ তাকো নতুন মানুহক প্ৰতিটো লেখাৰ বাবদ কাকত গোষ্ঠীয়ে পইছা দিয়ে মাত্ৰ কেইটকামানহে। গতিকে লেখা এটা সম্পূৰ্ণ কৰি প্ৰকাশৰ বাবে জমা দিবলৈ হ’লে ওলোটাই পকেটৰ পৰা পইছা ভৰিবহে লাগে। সেয়েহে সাংবাদিক, বিশেষকৈ স্বত্ন্তৰীয় সাংবাদিক সকলে যাতে লেখা এটা টাইপ কৰিবলৈ নাইবা যিকোনো বিষয়ৰ ওপৰত ইন্টাৰনেটৰ পৰা লাগতীয়াল তথ্য সহজেই সংগ্ৰহ কৰিবলৈ এনেদৰে ক্যাফে’ৰ সন্মুখত বোন্দাপৰ দি পকেটৰ পইছা শৰাধ কৰিব নালাগে তাৰবাবে প্ৰেছ ক্লাবত কেইটামান কম্পিউটাৰ স্থাপন কৰিব নোৱাৰিনে বাৰু ? সেই সময়ত যিহেতু গুগুল’ৰ দৰে থাউকতে যিকোনো বিষয়ৰ ওপৰত তথ্য পাবৰ কোনো সুবিধাই নাছিল গতিকে তথ্য সংগ্ৰহ কৰিবলৈ যাব লাগে পুথিভঁৰাললৈ। কিছুমান তথ্য পুথিভঁৰাললৈ গৈ বিচাৰিলেও পাবলৈ নাই। সেই গতিকে কথাবোৰ জনাবুজা কাৰোবাক নুসুধিলে একো গমেই পোৱা নাযায়। কাকতত স্থায়ীভাৱে কাম কৰা সকলৰ কথা সুকীয়া। তেওঁলোকক কাকত গোষ্ঠীৰ ফালৰ পৰা এইবোৰ ক্ষেত্ৰত যঠেষ্ট সুবিধা দিয়ে। অন্ততঃ কাৰ্যালয়ৰ দুৰভাষ যন্ত্ৰৰ ইচ্ছামতে উপযোগ কৰিব পাৰে। আৰু আমাৰ লেখীয়া সকলে পিচিঅ’ত দিয়াৰ পিছত কেতিয়াবা চাহ একাপ খাবলৈও পইছা নোজোৰেগৈ। স্বতন্ত্ৰ ভাৱে লিখা মেলা কৰিবলৈ বিচৰা সকলৰ বাটত কিমান আহুকাল সেই কথাবোৰ এতিয়া মনত পৰিলে সচাকৈয়ে বৰ আক্ষেপ হয়। তেতিয়া একোটা বিষয় দুই চাৰিজন লগ হৈ, বহি আলোচনা কৰিবলৈকো সুচল ঠাইৰ অভাৱ। গতিকে প্ৰেছ ক্লাৱটোক এই ধৰণে সজাই ল’ব নোৱাৰিনে বাৰু? প্ৰায়েই এনেবোৰ গঠনমূলক আলোচনাৰ ততাতৈয়াকৈ সামৰণি মাৰি তেওঁ যায়গৈ। দিন মাহ বছৰ দশক এনেকৈয়ে পাৰ হৈ গৈ থাকিল। আৰু ৰ’দ বৰষুণ নেওচি আগবাঢ়ি গৈ থকা সেই স্বতন্ত্ৰ সাংবাদিক গৰাকী এদিন কেৱল অসমতেই নহয়, সমগ্ৰ উত্তৰ পুৰ্বাঞ্চলতেই সংবাদ মাধ্যমৰ সৈতে জড়িত বেছিভাগ মানুহৰেই বাবে পৰিচিত এক নাম হৈ পৰিল। আনকি নতুন দিল্লীৰ প‌্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ জেষ্ঠ কাৰ্য্যকৰ্তাৰ মুখেৰেও নিজ কাণেৰে তেওঁ সম্পৰ্কে নিগৰিত হোৱা শুনিলো প্ৰত্যয় পূৰ্ণ শ্লাঘা।

*** (ক্ৰমশঃ)

Related Articles