প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক
আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ
✍ মনজিৎ কুমাৰ শৰ্মা
নব্বৈৰ দশকত অসমৰ সামাজিক ৰাজনৈতিক ক্ষেত্ৰখন বৰ অস্থিৰ হৈ পৰিছিল। এফালে ৮৫ৰ পিছৰে পৰাই ক্ৰমাৎ শক্তিশালী হৈ উঠা বিছিন্নতাবাদ, সন্ত্ৰাসবাদে ভয় ভীতিৰ পৰিৱেশ ৰচনা কৰাৰ অনুপাতে আনহাতেদি সেনা তথা সুৰক্ষা বাহিনীৰ সন্ত্ৰাস দমন অভিযান, দেশৰ অৰ্থব্যৱস্থাৰ শোচনীয় ৰূপ আৰু বিভিন্ন আনুষংগিক সমস্যাই সমাজ জীৱন ভাৰাক্ৰান্ত কৰি তুলিছিল। সেই সময়তেই অসমৰ ছপা সংবাদ মাধ্যমৰ জগত খনলৈকো যেন হঠাতে বহু পৰিৱৰ্তন নামি আহিল। বিশেষ কেইখনমান কাকতে প্ৰায়েই বিচ্ছিন্নতাবাদী চিন্তা ধাৰাক উদগণি যোগাব পৰাকৈ উগ্ৰ জাতীয়তাবাদ যুক্ত প্ৰৱণতাৰে সংবাদ প্ৰচাৰ তথা ব্যৱস্থাৰ উগ্ৰ বিৰোধী চৰিত্ৰৰে অসমীয়া সাংবাদিকতাৰ এক নতুন ধাৰাৰ আৰম্ভণি ঘটালে। The Assam Tribune গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত কাকত কেইখনক বাদ দি আন প্ৰায়বোৰ সংবাদ পত্ৰতেই কম বেছি পৰিমাণে প্ৰায় একেই ধাৰাৰ অনুকৰণ ঘটিল। ‘৯০ চনৰ শেষৰ ফালে যেতিয়া প্ৰয়াত হিতেশ্বৰ শইকীয়াই মিজোৰামৰ ৰাজ্যপাল পদবীৰ পৰা বিদায় লৈ আহি অসম প্ৰদেশ কংগ্ৰেছ কমিটিক বিধ্বস্ত অৱস্থাৰ পৰা পুণৰোদ্ধাৰ কৰি বিচ্ছিন্নতাবাদী শক্তিসমূহৰ বিৰুদ্ধে ৰাজপথৰ পৰাই প্ৰতিবাদী যুঁজ আৰম্ভ কৰিছিল, একেই সময়তে গুৱাহাটীৰ এক সংবাদ গোষ্ঠীয়ে সেই সময়ৰ (৯১ চনত) নৱ নিৰ্বাচিত কংগ্ৰেছ চৰকাৰ খনৰ বিৰুদ্ধে যেন একপ্ৰকাৰ অলিখিত জিহাদেই ঘোষণা কৰিছিল। সন্ত্ৰাসবাদ দমনৰ নামত ৰাজ্যত আৰম্ভ হোৱা সেনা অভিযান আৰু সেই অভিযান সমুহৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত গুৰুতৰ মানৱ অধিকাৰ উলংঘনৰ ঘটনা প্ৰৱাহৰ বাতৰি প্ৰচাৰৰ আলমত আওপকীয়াকৈ বিচ্ছিন্নতাবাদীয়ে জনতাক দেখুৱাবলৈ যত্ন কৰা স্বাধীন অসমৰ স্বপ্নকেই প্ৰতিফলিত কৰাৰ প্ৰৱণতাই গা কৰি উঠিছিল। এনেধৰণৰ চিন্তা চৰ্চাবোৰ লাহে লাহে সৰ্বত্ৰে বিয়পি পৰিছিল। গুৱাহাটী প্ৰেছ ক্লাৱতো লাহে লাহে এনেধৰণৰ চিন্তা চৰ্চাবোৰৰ আমদানিৰ পৰিৱেশ ৰচনা কৰিবলৈ বিচৰা হৈছিল। ইয়াৰোপৰি, আৱেলি পৰৰ পৰাই নিজান হৈ পৰা গোপীনাথ বৰদলৈ পথৰ দাতিত অৱস্থিত প্ৰেছ ক্লাৱৰ চৌহদ সন্ধিয়ালৈ মদৰ আড্ডালৈ পৰ্যবসিত হ’বলৈ আৰম্ভ হোৱা বুলিও সেই সময়ত বহুতেই আক্ষেপ কৰাৰ কথাও মানুহৰ কাণত পৰিছিল। নব্বৈৰ দশকৰ তেনেকুৱা এক জটিল সন্ধিক্ষণতেই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে অভিযান্ত্ৰিক স্নাতক হৈ ওলাই আহিছিল নামনি অসমৰ টিহু’ৰ ফালৰ এজন যুৱক। চেষ্টা কৰা হলে অভিযন্তা হিচাবে কোনোবা চৰকাৰী বিভাগ নাইবা কোনোবা দেশী বিদেশী কোম্পানীৰ লোভনীয় চাকৰিত যোগদান কৰি তেওঁ হয়তো সহজেই নিজৰ ভৱিষ্যত সুৰক্ষিত কৰি ল’ব পাৰিলে হয়। কিন্তু সাংবাদিকতা বৃত্তিৰ প্ৰেমত পৰি তেওঁ কৰ্ম জীৱন আৰম্ভ কৰিলে এগৰাকী স্বতন্ত্ৰ সাংবাদিক ৰূপে। এইখিনিতেই মনত পৰে বিখ্যাত আমেৰিকান সাংবাদিক তথা লেখক নৰ্মান কিংশ্লে মেইলাৰলৈ। ১৯৪৩ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতক হৈ ওলাই অহাৰ পাছতেই তেওঁ ইচ্ছা নোহোৱা স্বত্ত্বেও আমেৰিকান সেনা বাহিনীত ভৰ্তি হব লগীয়া হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সেই সময়ছোৱাত তেওঁ এজন সৈনিক হিচাবে দেশৰ হকে যুঁজিবলৈ ওলাই গৈছিল। নৱ ঠাকুৰীয়াৰ ক্ষেত্ৰতো যেন ঠিক তেনেকুৱাই হ’ল। অভিযন্তা হিচাবে কৰ্ম জীৱন আৰম্ভ কৰাতকৈ কলমেৰে যুঁজিবলৈহে যেন তেওঁ ওলাই আহিল। আৰু বাছি ল’লে developmental journalismৰ দৰে গঠনমূলক চিন্তাৰে সমাজৰ সমস্যা আৰু সুযোগৰ প্ৰচাৰ কৰিব পৰা সাংবাদিকতাৰ ধাৰা। আৰম্ভ কৰিলে এক কঠিন যাত্ৰা। লাহে লাহে অসমৰ সংবাদ মাধ্যমৰ উপৰিও দেশী বিদেশী নানান কাকত আলোচনীত তেওঁৰ লেখাবোৰ প্ৰকাশ পাবলৈ আৰম্ভ কৰিলে। নব্বৈৰ দশকতে স্বতন্ত্ৰ সাংবাদিকতা (freelance journalism)ক বৃত্তি হিচাবে লৈ অসমৰ দৰে সকলো ক্ষেত্ৰতে পিছপৰা এখন ৰাজ্যত জীৱন নিৰ্বাহ কৰিবলৈ আগবঢ়াতো কিমান যে প্ৰত্যাহ্বানপূৰ্ণ আছিল। তৎস্বত্বেও নৱ ঠাকুৰীয়াই সেই সকলো প্ৰত্যাহ্বান সাহসেৰে গ্ৰহণ কৰি আগবাঢ়িল। ২০০৩ চনত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন অনুষ্ঠিত হ’ল। ইতিমধ্যেই ভালে কেইবছৰৰ পৰাই প্ৰেছ ক্লাৱলৈ সঘন আহযাহেৰে নৱ ঠাকুৰীয়া যুৱ সাংবাদিক চামৰ প্ৰিয়ভাজন হৈ উঠিছিল। সততেই প্ৰেছ ক্লাবত সময় কটোৱা ঠাকুৰীয়াক দৰকাৰ হ’লেই থাউকতে সকলোৱে পাব পৰাটোও তেওঁৰ জনপ্ৰিয়তাৰ এক মুখ্য কাৰক হৈ পৰিছিল। সেই নিৰ্বাচনত ঠাকুৰীয়াই সাধাৰণ সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি সহজ বিজয় সাব্যস্ত কৰিলে। সভাপতি নিৰ্বাচিত হ’ল অসমীয়া প্ৰতিদিন কাকত’ৰ বাৰ্তা সম্পাদক, জেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন। সাংবিধানিক ভাৱে প্ৰেছ ক্লাবৰ পৰিচালনা সমিটিৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হোৱাত নৱ ঠাকুৰীয়াৰ বাবে বহু গঠনমূলক চিন্তাক বাস্তৱ ৰূপ দিয়াটো সহজ হৈ পৰিল। এনেদৰে খুউব কম সময়ৰ ভিতৰতেই নব্বৈৰ দশকৰ গুৱাহাটী প্ৰেছ ক্লাবৰ পুৰণি অৱয়ব দ্ৰুত গতিত সলনি হবলৈ ধৰিলে। ঠাকুৰীয়াৰ উদ্যোগত ভালেমান কাম প্ৰেছ ক্লাবৰ নৈমিত্তিক কৰ্মসূচীৰ অন্তৰ্গত সম্পন্ন হ’বলৈ ধৰিলে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা। কোনোধৰণৰ বিচ্ছিন্নতাবাদী চিন্তাধাৰাই যাতে প্ৰেছ ক্লাবৰ চৌহদত কোনো কালেই স্থান নাপায়, তাৰ বাবে নৱ ঠাকুৰীয়াৰ উদ্যোগত আৰু সেই সময়ৰ আন বিষয়ববীয়া সকলৰ যথোচিত সহযোগত ৰাষ্ট্ৰপ্ৰেমমূলক চিন্তা চৰ্চাৰ উত্তৰণ ঘটিল। সমাজৰ বহু ব্যক্তিও এই প্ৰচেষ্টাৰ সহযোগী হৈ পৰিল। এটা সময়ত উগ্ৰপন্থী সংগঠনৰ আহ্বানত এই দুই মহত্বপূৰ্ণ দিৱসক বৰ্জন কৰাৰ যি এক ধাৰা ৰাজ্যত প্ৰচলিত হৈছিল, সেই ধাৰাৰ যৱনিকা পেলাই গুৱাহাটী প্ৰেছ ক্লাৱক ৰাষ্ট্ৰ নিৰ্মানৰ চিন্তা থলীলৈ ৰূপান্তৰিত কৰাত নৱ ঠাকুৰীয়াৰ অৱদান উল্লেখযোগ্য। এই ক্ষেত্ৰত প্ৰেছ ক্লাবৰ পূৰ্বৰ পৰম্পৰাক সৱলীকৰণ কৰাত তেওঁ সম্পূৰ্ণ সফল হ’ল। অৱশ্যে তেওঁৰ এই প্ৰচেষ্টাত সহযোগ কৰা আন সদস্য সকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক আওকাণ কৰাতো উচিত নহ’ব। সেই সকলৰ মাজত স্বৰ্গীয় হিতেন মহন্ত, ৰূপম বৰুৱা, ৰণেন গোস্বামী ইত্যাদি ব্যক্তিক আমি নিজে দেখা পাইছিলো। ইয়াৰোপৰি প্ৰেছ ক্লাৱ চৌহদত সাংবাদিক সদস্য সকলৰ সুবিধাৰ্থে কম্পিউটাৰ কেন্দ্ৰ স্থাপন, নিয়মিত ভাৱে সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন, মিডিয়া ফেলোশ্বিপৰ দ্বাৰা সাংবাদিকৰ বাবে গৱেষণামুলক কাম-কাজৰ ব্যৱস্থা, নিয়মিতভাৱে Guest of the Month, Meet the Press আদিৰ দৰে অনুষ্ঠানৰ আয়োজন ইত্যাদি নৱ ঠাকুৰীয়াৰ কাৰ্য্যকালত ৰূপায়ণ হ’বলৈ আৰম্ভ কৰা উল্লেখযোগ্য প্ৰচেষ্টা সমূহৰ অন্যতম।
ক্ৰমশঃ