Breaking

ভলান্টিয়াৰ ৰিটেডমেণ্টৰ আবেদন কৰিও আঢ়ৈ বছৰে নাপালে বিভাগৰ সহায় : স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি মৃত্যু বৰণ কৰিলে গোসাইগাঁওৰ এগৰাকী জ্যেষ্ঠ বিষয়া ।

0 112

গোসাঁইগাঁও 

ৰোগত আক্ৰান্ত হৈ শ্যাশায়ী হোৱা সমবায় সমিতিৰ  উপ পঞ্জীয়কৰ এগৰাকী বিষয়া স্বেচ্ছাই অৱসৰ বিচাৰি আবেদন কৰাৰ আঢ়ৈ বছৰে বিভাগৰ পৰা নাপালে কোনো সঁহাৰি। অৱশেষত মৃত্যুক সাৱটি ললে বিষয়া গৰাকী। বিভাগটোৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ প্ৰতাৰণাৰ বলি গোসাঁইগাঁৱৰ এগৰাকী বিষয়া। আজি গোসাঁইগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদ মেলত এই অভিযোগ ভুক্তভোগী পৰিয়ালৰ। দীর্ঘ ২৮ বছৰ সমবায় সমিতিত কৰ্মৰত হৈ মৃত্যুক সাৱটি লোৱা এগৰাকী বিষয়াৰ কৰুণ ঘটনাই বিভাগটোৰ ফপলা স্বৰূপ উদঙাই দিছে। বিভাগৰ উচ্চপদস্ত বিষয়াই কোনো সঁহাৰি নিদিয়াত আবেদন কৰিও নাপালে ভলান্টিয়াৰ ৰিটেডমেণ্ট । এই অভিযোগ স্বয়ং পৰিয়ালৰ। তথ্য মতে গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত এক নম্বৰ হুদুম খাতা, (জয়মা) গাঁৱৰ নিবাসী হবিবৰ ৰহমান আহমেদ। (৫৮) সমবায় সমিতি সমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ অধীনস্ত এগৰাকী কৰ্মচাৰী আছিল। গোসাঁইগাঁও সমবায় সমিতি সমূহৰ পঞ্জীয়কৰ কাৰ্যায়লত  চাকৰি কাল আৰম্ভ কৰি তাতে অন্ত পেলায়। বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰা গোসাঁইগাঁও সমবায় সমিতি সমূহৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ জ্যেষ্ঠ পঞ্জীয়ক আৰু হিচাপ পৰীক্ষক হিচাপে কৰ্মৰত আছিল। উক্ত বিষয়া গৰাকী ৰোগত আক্ৰান্ত হৈ অসুস্থ হোৱাই নহয় দিনক দিনে অচল হৈ পৰে। ফলত তেওঁ যোৱা ভলান্টিয়াৰ ৰিটেডমেণ্ট বিচাৰি যোৱা ২০১৮ চনৰ ১ ফেব্ৰুৱাৰীত বিভাগীয় কৰ্তৃপক্ষ লৈ এখন আবেদন কৰে। বিভাগীয় ভাৱে ভলান্টিয়াৰ ৰিটেডমেণ্টৰ বাবে প্ৰয়োজন হোৱা স্বাস্হ্য বিভাগ, বেংক আদি কৰি সকলো ধৰণৰ তথ্যসহ আবেদন দাখিল কৰে। সুদীৰ্ঘ ২৮ বছৰ একেটা বিভাগত কৰ্মৰত হৈ থকা বিষয়া গৰাকী দীর্ঘ আঢ়ৈ বছৰে লাভ নকৰিলে বিভাগৰ ভলান্টিয়াৰ ৰিটেডমেণ্ট । ফলত এফালে ৰোগত আক্ৰান্ত আৰু আনপিনে ভলান্টিয়াৰ ৰিটেডমেণ্টৰ  দুৰচিন্তাত মানসিক আৰু শাৰীৰিকভাৱে হতাশ হৈ যোৱা ৩০ মে’ ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়। সমবায় সমিতি সমূহৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ত বিষয়া হিচাপে কৰ্মৰত লোকজন নিজৰ গাঁঠিৰ ধন ভাঙি অসমৰ উপৰি বহি: ৰাজ্যত চিকিৎসা কৰিও সুস্থ হোৱা নাই যদিও অৱশেষত মৃত্যুক সাৱটি লয়। পৰিয়ালৰ অভিযোগ বিষয়া গৰাকী  শাৰীৰিক ভাৱে অসুস্থ হৈ পৰাৰ পিছত বিভাগীয় নীতি অনুসৰি ভলান্টিয়াৰ ৰিটেডমেণ্ট বিচাৰি নোপোৱাটো চৰম গাফিলতি।  বিষয়া গৰাকীৰ পৰিয়ালে তেওঁৰ ভলান্টিয়াৰ ৰিটেডমেণ্ট বিচাৰি পৰিয়ালৰ  লোকে বিভাগীয় কৰ্তৃপক্ষৰ  দুবাৰে ঘূৰি আজি সন্দৰ্ভত  তেওঁৰ পুত্ৰ হাছানুৰ ইছলাম আহমেদ আৰু পৰিয়ালে গোসাঁইগাঁও প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত বিষয়া গৰাকীৰ পুত্ৰই ক্ষোভ আৰু দুখৰে সকলো কথা প্ৰকাশ কৰাৰ লগতে নথি পত্ৰ দাঙি ধৰি বিভাগটোৰ কৰ্ম কাণ্ডৰ বিষয়ে ৰাজহুৱা কৰে।বিগত আঢ়ৈ বছৰে ভিলান্টিয়াৰ ৰিটেডমেণ্ট বিচাৰি হাবাথুৰি খোৱা পৰিয়ালটো আন এক দুৰচিন্তাত ভুগিছে। কিয়নো বিভাগে বিষয়া গৰাকীৰ ভলান্টিয়াৰ ৰিটেডমেণ্ট আবেদনখন মঞ্জুৰ কৰাটো দূৰৈৰ কথা পুনৰ আবেদনসহ অন্যান্য নথি পত্ৰ দাখিল কৰিবলৈ যোৱা ১৭ ফেব্ৰুৱাৰীত বিভাগৰ মুখ্য কাৰ্যালয়ৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিছে যদিও সেয়া ৩০ মে’ত বিষয়া গৰাকী মৃত্যু হোৱাৰ পিছত পৰিয়ালে লাভ কৰিছে। উল্লেখ যে বিষয়া গৰাকী জনোৱা আবেদনখন বিভাগীয় কৰ্তৃপক্ষই মঞ্জুৰ কৰা নাই যদিও কিন্তু ৰহস্যজনক ভাবে পৰিয়ালটো বিগত আৰৈ বছৰে দৰমহাৰ এটা টকা লাভ নকৰিলে। নিজৰ চিকিৎসা কৰি কৰি সৰ্বস্ব হেৰুৱাই অৱশেষত মৃত্যু বৰণ কৰাৰ পিছত এতিয়া তেওঁৰ পত্নী গৰাকী জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। চৰকাৰী নীতি নিয়ম অনুসৰি বিষয়া গৰাকী চিকিৎসাৰ বাবে কৰ্তৃপক্ষৰ পৰা আৰ্থিক সাহায্য পাব লাগিছিল যদিও সেয়া লাভ নকৰিলে। পৰিয়ালে উত্থাপন কৰা অভিযোগ কৰা মতে, গুৱাহাটীৰ  মুখ্য  কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মীৰ প্ৰতাৰণৰ বলি হৈ বিষয়া হবিবৰ ৰহমান মৃত্যু বৰণ কৰাই নহয় ইয়াৰ পৰিয়াল লৈ নামি আহিছে ঘোৰ অন্ধকাৰ। অতি তাৎপৰ্যপূৰ্ণ কথা যে হবিবৰ ৰহমান এগৰাকী বিষয়া নহয় তেওঁ এগৰাকী প্ৰাক্তন আছু  কর্মী আছিল। পৰিয়ালৰ এটাই দাবী বিষয়া গৰাকীৰ ক্ষেত্ৰত বিভাগে যি হেমহি কৰিছে সেয়া যাতে বিভাগটোৰ আন কোনো বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰত সংঘটিত নহয় আৰু এই  বিষয়ৰ ওপৰত অসমৰ মুখ্য মন্ত্ৰী, স্বাস্হ্য মন্ত্ৰীৰ দৃষ্টি দিবলৈ কাতৰ আহ্বান জনোৱা নহয় উক্ত বিষয় সন্দৰ্ভত হস্তক্ষেপ বিচাৰিছে ।

Leave A Reply

Your email address will not be published.