Breaking

দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আজি লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ…

0 24

মাজত মাত্ৰ দুটা পৰ্যায় বাকী। তাৰে এটা পৰ্যায়ৰ ভোটগ্ৰহণ আজি ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত হৈছে। দেশৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আজি। পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ হ’ব। এই সমষ্টিসমূহৰ ভিতৰত আছে বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০ টা, জম্মু-কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, উত্তৰ প্ৰদেশৰ ১৪টা আৰু পশ্চিমবংগৰ ৮টা সমষ্টি। এই উক্ত সমষ্টি কেইটাৰ বাবে মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আজি হোৱা ভোটগ্ৰহণত সুষমা স্বৰাজৰ কন্যা বাঁসুৰী স্বৰাজ, মানেকা গান্ধী, কানাহায়া কুমাৰকে ধৰি বহুকেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ’ব।


উল্লেখ্য যোৱা ২০ মে’ত অনুষ্ঠিত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৬২ দশমিক ২ শতাংশ ভোটগ্রহণ হোৱা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই পৰ্যায়ত ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯খন আসনৰ বাবে ভোটগ্রহণ কৰা হৈছিল। মুঠ ভোটদানকাৰীৰ ভিতৰত ৬১ দশমিক ৪-৮ শতাংশ পুৰুষ, ৬৩ শতাংশ মহিলা আৰু ২১ দশমিক ৯-৬ শতাংশ তৃতীয় লিংগৰ ভোটদাতা। এই পর্যায়ত পশ্চিম বংগত সর্বাধিক ৭৮ দশমিক ৪-৫ শতাংশ ভোটদান হৈছিল।

Leave A Reply

Your email address will not be published.