২৩ মাৰ্চ তাৰিখে প্ৰথমবাৰৰ বাবে শগুন দিৱস পালন কৰা হয়। ২০২৩ চনত ঢকুৱাখনাত হোৱা এক অনাকাংক্ষিত দুৰ্ঘটনাত কেইবাটাও শগুনৰ মৃত্যু হৈছিল।(Vulture Day) এই মৃত শগুনৰ স্মৃতিত লগতে গোটেই বিশ্বজুৰি অতিশয় বিপদাপন্ন হৈ পৰা শগুনৰ সুৰক্ষা বাবে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্য প্ৰতি বছৰে মাৰ্চ মাহৰ ২৩ তাৰিখে “শগুন দিৱস” উদযাপন কৰাৰ উদ্যোগ লৈছে পৰিৱেশ সংৰক্ষণ গোট পিয়’ৰ এনভাইৰণমেণ্ট ফ’ৰ ৱাইল্ডলাইফ চমুকৈ পু এন ফ’ ৱাইল্ডে। আজি ঢকুৱাখনাৰ “চাৰিকড়ীয়া বিহংগ সংৰক্ষণ ক্ষেত্ৰত” এই বছৰৰ শগুন দিৱস উদযাপন কৰা হয়। এইবাৰ বিষয় “শগুনৰ আৱাস স্থলী সংৰক্ষণ”।
ছেপ্তেম্বৰ মাহৰ প্ৰথমটো শনিবাৰে শগুন সজাগতা দিৱস পালন কৰা হয় যদিও গোটেই বিশ্বজুৰি বছৰৰ কোনো এটা নিৰ্দিষ্ট তাৰিখে “শগুন দিৱস” বুলি উদযাপন কৰা হোৱা নাই। গতিকে মাৰ্চ মাহৰ ২৩ তাৰিখে সমূহ প্ৰকৃতিপ্ৰেমীক নিজৰ অঞ্চলত, বিদ্যালয়ত, লগ হৈ বা ব্যক্তিগত ভাবেও শগুনৰ সুৰক্ষা বাবে “শগুন দিৱস” উদযাপন কৰিবলৈ অনুৰোধ জনাইছে পু এন ফ’ ৱাইল্ডৰ মানস প্ৰতিম দত্ত, বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়াই। মুখ্যত প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত কামকৰি অহা লেখক, পৰিৱেশকৰ্মী মানস প্ৰতিম দত্ত, বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়াৰ প্ৰচেষ্টাত আয়োজিত শগুন দিৱসৰ অনুষ্ঠানত পুৱা বিকাশ চেতিয়া আৰু মানস চমুৱাৰ তত্তাৱধানত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট পৰিৱেশ কৰ্মী, পৰিৱেশমিত্ৰ দেৱজিৎ ফুকনেও শগুনৰ বাসস্থান সুৰক্ষাৰ বাবে আমাৰ কৰিবলগীয়া বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে।
অনুষ্ঠানত শিক্ষক বিনোদ ফুকন, তুলেন দত্তকে আদি কৰি বহুকেইজন প্ৰকৃতিক মনে-প্ৰাণে ভালপোৱা ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে মানস প্ৰতিম দত্ত, বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়াই উৎসৰ্গিত মনেৰে শগুনৰ লগতে প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰি আহিছে।