ৰাতি হঠাৎ সাৰ পোৱাটো এটা সাধাৰণ সমস্যা। প্ৰায়ে মানুহে ৰাতি সাৰ পাই শৌচাগাৰলৈ যায় বা পানী খাবলৈ লয় আৰু তাৰ পিছত পুনৰ শুই পৰে। আনহাতে যদি আপোনাৰ টোপনি প্ৰতিদিনে ১ৰ পৰা ৩ বজাৰ ভিতৰত সাৰ পাই আৰু সাৰ পোৱাৰ পিছত যদি পুনৰ টোপনি নাযায় তেন্তে এই সমস্যা আওকাণ নকৰিব, কিয়নো ই বহু ৰোগৰ লক্ষণ হ’ব পাৰে।(Waking)
ৰাতি টোপনি কিয় বাধা আহে?
টোপনি ব্যাহত হোৱাৰ আঁৰত বহু কাৰণ থাকিব পাৰে। বয়স বৃদ্ধিৰ বাবে টোপনিৰ চক্ৰও সলনি হয়। কেতিয়াবা ঔষধৰ বাবেও টোপনিৰ ব্যাঘাত জন্মিব পাৰে।
চাপ
প্ৰতি নিশা আপোনাৰ টোপনিত বাধা আহি পৰে। যদি আপুনি সাৰ পোৱাৰ পিছত টোপনি যাব নোৱাৰে তেন্তে ই মানসিক চাপৰ লক্ষণ হ’ব পাৰে। দীৰ্ঘদিন ধৰি মানসিক চাপত থাকিলেও হতাশাৰ সৃষ্টি হ’ব পাৰে। যদি প্ৰতিদিনে আপোনাৰ টোপনিত ব্যাঘাত জন্মে তেন্তে এই সমস্যাক আওকাণ নকৰিব, চিকিৎসকৰ পৰামৰ্শ লওক।
যকৃতৰ সমস্যা
ৰাতি হঠাতে গভীৰ টোপনিৰ পৰা সাৰ পালে ই যকৃতৰ লগত জড়িত সমস্যাৰ লক্ষণ হ’ব পাৰে। যদি আপোনাৰ টোপনি প্ৰতিদিনে বাধাপ্ৰাপ্ত হয় তেন্তে আপুনি এই সমস্যাক আওকাণ কৰা উচিত নহয়।
হাওঁফাওঁ
যদি প্ৰতিদিনে ৰাতি ২ৰ পৰা ৩ বজাৰ ভিতৰত আপোনাৰ টোপত সমস্যা হয়, তেন্তে ই হাওঁফাওঁৰ সৈতে জড়িত সমস্যা হ’ব পাৰে। যদি আপোনাৰ টোপনিত বিঘিনি ঘটে তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব।