Breaking

চলা গ্ৰাম্য অভয়াৰণ্যত পুনৰ সংস্থাপন অৰ্কিড

0 1,032

সোণাৰিৰ চলা গ্ৰাম্য অভয়াৰণ্যত আজিৰেপৰা আৰম্ভ হৈছে অৰ্কিড পুনৰ সংস্থাপনৰ কাম। জনপ্ৰিয় কণ্ঠশিল্পী তথা চলা গ্ৰাম্য অভয়াৰণ্যৰ ব্ৰেণ্ড এম্বেছেডৰ দেৱজিৎ বৰাই শুভাৰম্ভ কৰে এই কাৰ্যৰ। চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিৰ উদ্যোগত আৰম্ভ হৈছে অৰ্কিড পুনৰ সংস্থাপন। উল্লেখ্য যে এই বনাঞ্চল খনত পূৰ্বে ১৩০ বিধৰো অধিক অৰ্কিড পোৱা গৈছিল যদিও চোৰাং কাঠ সৰবৰাহ কাৰীয়ে গছ কাটি তহিলং কৰাৰ ফলত এই সংখ্যা হ্ৰাস পালে।

সম্প্ৰতি বনাঞ্চলখনত মাত্ৰ ৬৭ টা প্ৰজাতিৰ অৰ্কিডহে পোৱা যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত চলা সংৰক্ষিত বনাঞ্চলক গ্ৰাম্য অভয়াৰণ্য হিচাপে নামাকৰণ কৰি বনাঞ্চল খন সুৰক্ষা আৰু সংৰক্ষণ কৰিবলৈ গঠন কৰা চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিয়ে আজিৰেপৰা অৰ্কিড পুনৰ সংস্থাপনৰ কাম আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.