Waqf Bill: লোকসভাৰ পাছত ৰাজ্যসভাতো ৱাকফ সংশোধনী বিধেয়ক গৃহীত, ৱাকফ বিধেয়কক লৈ কি ক’লে প্ৰধানমন্ত্ৰীয়ে ?

লোকসভাৰ পাছত ৰাজ্যসভাতো ৱাকফ সংশোধনী বিধেয়ক গৃহীত হয়। পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক এক অভূতপূৰ্ব মুহূৰ্ত বুলি অভিহিত কৰে। (Waqf Bill)বৰ্তমান তেওঁ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডত আছে। শুকুৰবাৰে পুৱা তাৰ পৰাই ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীয়ে ৱাকফ বিধেয়ক সন্দৰ্ভত পোষ্ট কৰে। তেওঁ ৱাকফ বিধেয়ক সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি বাবে দেশৰ সকলো সাংসদ আৰু অগণন জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “সংসদৰ দুয়ো সদনত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো আৰ্থ-সামাজিক ন্যায়, স্বচ্ছতা আৰু সামগ্ৰিক উন্নয়নৰ বাবে এক অভূতপূৰ্ব মুহূৰ্ত।” প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ৱাকফ আইনখনে ইমান দিনে প্ৰান্তীয় আৰু বঞ্চিতসকলক সহায় কৰিব।

বিধেয়কখনৰ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিক গুৰুত্বপূৰ্ণ মতামত আগবঢ়োৱাৰ বাবে সাংসদ আৰু সাধাৰণ জনতাক ধন্যবাদ জনাই মোদীয়ে লিখিছে, বিশদ আলোচনা আৰু বিতৰ্কৰ প্ৰয়োজনীয়তা আকৌ এবাৰ প্ৰমাণিত হৈছে। ৱাকফ ব্যৱস্থাৰ ‘ত্ৰুটি’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “দশক দশক ধৰি ৱাকফ ব্যৱস্থা আৰু স্বচ্ছতাৰ অভাৱ কাৰ্যতঃ সমাৰ্থক আছিল। ইয়াৰ বাবেই মুছলমান মহিলা, দৰিদ্ৰ মুছলমান আৰু প্ৰান্তীয় মুছলমানসকলৰ স্বাৰ্থৰ ক্ষতি হৈছিল। সংসদে গৃহীত এই বিধেয়কখনে স্বচ্ছতা বৃদ্ধি কৰিব আৰু মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব।”

বুধবাৰে গভীৰ নিশা লোকসভাত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে নিশা সংসদৰ উচ্চ সদন ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ গৃহীত হয়। ফলত বিধেয়কখন আইনত পৰিণত হোৱাটো সময়ৰ কথা। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰিলে ৭০ বছৰীয়া ৱাকফ আইনখন সলনি হ’ব।

বুধবাৰে লোকসভাত দীৰ্ঘদিন ধৰি ৱাকফ বিধেয়কখন চৰ্চিত হৈছিল। অৱশেষত গভীৰ নিশা সংসদৰ নিম্ন সদনত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত হয়। ২৮৮ জন সাংসদে বিধেয়কখনৰ সপক্ষে আৰু ২৩২ জন সাংসদে বিপক্ষে ভোটদান কৰে।

Related Articles