ৰৌতা-মাজবাটত ‘Poshan On Wheel’ক উষ্ম আদৰণি

সমগ্ৰ ৰাষ্ট্ৰৰ গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, ৬ বছৰ অনুৰ্ধ শিশু আৰু কিশোৰীসকলৰ স্বাস্থ্য তথা পৰিপুষ্টি মান উন্নত কৰাৰ বাবে  প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ আহ্বানত ১ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ চলি আছে ৰাষ্ট্ৰীয় পোষণ অভিযান । সেই উপলক্ষে ৰাজ্যখনৰ ২৭ জিলাত Poshan on wheels নামত তিনিখন সুসজ্জিত  তথা পোষণ-বাৰ্তা বাহক বাচে কৰিছে নিৰন্তৰ পৰিভ্ৰমণ । ইয়াৰে Poshan on wheels-৩ নম্বৰ বাচখনে ইতিমধ্যে ১১ খন জিলা পৰিভ্ৰমি ২৬ ছেপ্তেম্বৰত  ওদালগুৰি জিলাৰ ৰৌতা সংহত শিশু উন্নয়ন প্ৰকল্পত প্ৰাংগণত পদাৰ্পণ কৰে ।বাচখনৰ অন্তৰ্ভাগত দূৰদৰ্শন , মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পোষণ সম্পৰ্কীয় মনোজ্ঞ বাৰ্তাৰ ভাষণৰ ভিডিঅ’ ,পুষ্টিকৰ খাদ্য সম্পৰ্কীয় মনাকৰ্ষী চিত্ৰ তালিকা ,ওজন আৰু উচ্চতা জোখা যন্ত্ৰ আদি আতক ধুনীয়াকৈ সজাই ৰখা আছে । পোষণৰ বাৰ্তা বাহক এই সুসজ্জিত বাচখনত অহা তিনি গৰাকী পোষণ কৰ্মীক ৰৌতা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া নিবেদিতা বিশ্বাস আৰু দুগৰাকী অংগনৱাড়ী কৰ্মীয়ে আৰনায়েৰে আদৰণি জনায় । মুখ্যসেৱিকা লক্ষ্য প্ৰভা দেৱী ,মেৰী বসুমতাৰী , পৰিসংখ্যা সহায়ক গোবিন্দ চন্দ্ৰ বড়ো ,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লুটফুৰ ৰহমানৰ  সু পৰিচালনাত কাৰ্যালয়ৰ প্ৰাংগনত কৰ্মী বিনশ্ৰী দৈমাৰী আৰু সহায়িকা ঊষা দাহ চহৰীয়া , নজৰা হালৈয়ে নিজ হাতেৰে সযতনেৰে তৈয়াৰ কৰা বিভিন্ন মনজুৰুৱা পুতলা যেনে- অংগনৱাড়ী কৰ্মী , সহায়িকা ,অংগনৱাড়ী কেন্দ্ৰ , এ এন এম, আশা,শিশু, প্ৰসূতি মাতৃ আদি কাৰ্যালয় প্ৰাংগন সজাই সৌষ্ঠভ বঢ়াই তোলা হয় ।

Poshan on wheels- বাচখনক বিযষয়া ,মুখ্যসেৱিকা সকলৰ নেতৃত্বত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে ধূপ ,ধুনা ,উৰুলি আদি নানন্দিক পৰিৱেশত আদৰণি জনাই সমস্তজন আবেগিক হৈ পৰে । বাচখনক শুদ্ধ চিত্তে  মাল্যবৰণ কৰে চিডিপিঅ নিবেদিতা বিশ্বাসে ।এক আনন্দমূখৰ পৰিবেশত অংগনৱাড়ী কৰ্মী বিনয়শ্ৰী দৈমাৰীৰ নেতৃত্বত বাগৰুম্বা নৃত্য ,মীনাক্ষি চহৰীয়া আদিৰ নেতৃত্বত দিহানাম ,এলিজা বেগমৰ নেতৃত্বত জিকিৰ আৰু ৰেখা দেৱীৰ নেতৃত্বত পোষণৰ গীত পৰিবেশন কৰি আকাশ-বতাহ অনুৰণনিত কৰা হয়। এই মাংগলিক আদৰণি অনুষ্ঠানত পোষণৰ  জিলা সমন্বয়ক বিজিত বসুমতাৰী , খণ্ড সমন্বয়ক চিত্ৰা কছাৰী ,প্ৰকল্প সমন্বয়ক জয়ন্ত সাহা ,পি এম এম ভি ওৱাইৰ ডি ই অ’  এপ’ল’ দৈমাৰী আদি একাধিকজন উপস্থিত থাকে ।ইয়াৰ পিছতেই চি ডি পি অ’ নিবেদিতা বিশ্বাসৰ নেতৃত্বত Poshan on wheels বাচখন উপস্থিত হয় মাজবাট সংহত শিশু উন্নয়ন প্ৰকল্পত । তাতো একে ধৰণৰ মংগলিক পৰিবেশত স্বাগত আদৰণি অনুষ্ঠান সম্পন্ন কৰাৰ লগতে ঝুমইৰ আৰু নামতি দলৰ নামেৰে চৌপাশ মূৰ্চ্ছনাময় কৰি তোলা হয় । ইয়াৰ অন্তত বাহনখন আৰু সজাতি দলটো উপস্থিত হয়গৈ ধনশ্ৰী চাহ বাগিচা আয়োজন কৰা  অত্যাধিক পুষ্টিহীনতাত ভোগা শিশু (SAN children) ৰ পুষ্টিকৰ খাদ্য বিতৰণ সভাত ।

Related Articles