Breaking

ধাৰাসাৰ বৰষুণৰ বাবে দিল্লী এইমছত সোমাল পানী! বাতিল বহু অস্ত্ৰোপচাৰ…

0 19

নতুন দিল্লীত যোৱা দুদিন ধৰি ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে। ফলস্বৰূপে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে। বিশেষকৈ স্বাস্থ্য সেৱাত গুৰুতৰ প্ৰভাৱ পৰিছে।শুকুৰবাৰে নিশা এইমছৰ ৯ টা অস্ত্ৰোপচাৰ কক্ষ অকাৰ্যক্ষম হৈ পৰে।যাৰ বাবে চিকিৎসালয়ত নিউৰ’চাৰ্জাৰী আৰু ট্ৰমা অস্ত্ৰোপচাৰৰ প্ৰায় এক ডজন অস্ত্ৰোপচাৰ বাতিল কৰা হয়। ধাৰাসাৰ বৰষুণৰ ফলত চিকিৎসালয়খনৰ অপাৰেচন কক্ষবোৰ প্লাবিত হৈছে। বহুতো অপাৰেচন কক্ষৰ ভিতৰত দেৱালৰ মাজেৰে পানী সোমাইছে। অপাৰেচন কক্ষৰ এচিসমূহো বন্ধ কৰি দিয়া হয় আৰু চিকিৎসালয়খনৰ বৈদ্যুতিক সঁজুলিবোৰৰো সংযোগ বিচ্ছিন্ন কৰা হয়।


উল্লেখ্য যে, এইমছৰ কাৰ্ডিঅ’ নিউৰ’ চেণ্টাৰত নিউৰ’চাৰ্জাৰী ৰোগীসকলৰ বাবে ৭ টা অস্ত্ৰোপচাৰ কক্ষ আছে। বৰষুণৰ পূৰ্বে ৪ টা অপাৰেচন কক্ষ (অ’টি) কাৰ্যক্ষম আছিল। কিন্তু বৰষুণৰ ফলত সেইবোৰ প্লাৱিত হোৱাৰ লগে লগে নিউৰ’চাৰ্জাৰী বিভাগে শুকুৰবাৰৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছ।এই সময়ছোৱাত তাত হ’বলগীয়া অস্ত্ৰোপচাৰবোৰ বাতিল কৰা হৈছে। কিছুমান ৰোগীয়ে একৰ পৰা দুই বছৰ পিচতহে অস্ত্ৰোপচাৰৰ তাৰিখ পাইছিল। এই সময়ছোৱাত নিউৰ’চাৰ্জাৰী বিভাগে এক নিৰ্দেশ জাৰি কৰি কয় যে অপাৰেচন কক্ষৰ সাম্প্ৰতিক অৱস্থাৰ বাবে কোনো অস্ত্ৰোপচাৰ কৰিব পৰা নাযাব। জৰুৰীকালীন পৰিস্থিতিত অহা ৰোগীসকলক চফদৰজং আৰু অন্যান্য চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লাগে বুলি নিৰ্দেশনাত কোৱা হৈছে। চিকিৎসালয়ৰ সূত্ৰৰ মতে, শনিবাৰে আবেলিৰ ভিতৰত অস্ত্ৰোপচাৰ কক্ষটো কাৰ্যক্ষম হ’ব পাৰে৷ এইমছৰ ৰাজেন্দ্ৰ প্ৰসাদ চকু চিকিৎসালয়ৰ অপাৰেচন কক্ষৰ সুবিধাও প্ৰভাৱিত হৈছে । যাৰ বাবে অস্ত্ৰোপচাৰ শুকুৰবাৰে দুপৰীয়া ১২ বজাত আৰম্ভ হয়।


একে সময়তে এইমছ মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত অধ্যাপক ৰীমা দাদাই কয় যে, বৃহস্পতিবাৰে নিশা এইমছত পানী জমা হোৱাৰ বাবে নতুন দিল্লী পৌৰ পৰিষদে বিদ্যুৎ যোগান বন্ধ কৰি দিছিল। যাৰ বাবে সকলো অস্ত্ৰোপচাৰ কক্ষ বন্ধ কৰা হৈছিল আৰু অস্ত্ৰোপচাৰ বন্ধ হৈ পৰিছিল।ট্ৰমা চেণ্টাৰ প্লাৱিত হোৱাৰ বাবে বিদ্যুৎস্পৃষ্ট হোৱাৰো আশংকা বৃদ্ধি হয়। পানী নিষ্কাশন হোৱাৰ পিচত হে অস্ত্ৰোপচাৰ কক্ষবোৰ কাৰ্যক্ষম হ’ব বুলি তেওঁ উল্লেখ কৰে। লগে লগে জৰুৰীকালীন ৰোগীসকলৰ অস্ত্ৰোপচাৰ প্ৰথমে আৰম্ভ কৰা হ’ব। ইয়াৰ উপৰিও সকলো অ’পিডিৰ সেৱা মসৃণ হৈ আছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখ্য যে, এইমছত সকলো ধৰণৰ ৰোগৰ চিকিৎসাৰ বাবে সমগ্ৰ দেশৰ পৰা হাজাৰ হাজাৰ ৰোগীৰ আগমন হয়।যাৰ ফলত এইমছত দৈনিক ২০০ তকৈও অধিক সৰু-বৰ অস্ত্ৰোপচাৰ কৰা হয়। এনে পৰিস্থিতিত বৰষুণৰ ফলত এইমছত অস্ত্ৰোপচাৰৰ বোজা বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে।

Leave A Reply