সংখ্যালঘু ছাত্ৰীৰ বাবে সুখবৰ লাভ কৰিব জলপানি

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সৌজন্যত অসমৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহত অধ্যয়নৰত
দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ বাবে সুখবৰ।২১,৬৬১ গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীলৈ ২০২১-২২ বৰ্ষৰ বিশেষ জলপানিৰ ধন DBT প্ৰক্ৰিয়াৰে আজি মুকলি কৰি দিয়া হ’ব।

ৰাজ্য চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিগত বৰ্ষসমূহৰ দৰে ২০২১-২২ বৰ্ষৰো স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যপুথি ক্ৰয়ৰ বাবে ১০০০ (এহেজাৰ) টকাকৈ মুঠ ৩,৫৪,৩৪১ গৰাকী ছাত্র ছাত্ৰীলৈ সৰ্বমুঠ ৩৫৪৩.৪১ লাখ টকা মুকলি কৰি দিছে। ছাত্ৰ-ছাত্ৰীসকলে এই ধন নিজ নিজ বেংক একাউণ্টত DB প্রক্ৰিয়াৰ যোগেদি লাভ কৰিব।

Related Articles