পুলিন শইকীয়া
দৈনন্দিন বাৰ্তা ডেস্ক : আজিৰ যুগৰ সতে খাপ খাই চলিবলৈ হ’লে শিক্ষাৰ প্ৰয়োজন অতি বেছি৷ সুশিক্ষিত এজন লোকৰ চিন্তা-কথা বতৰা সকলো দিশতে পাৰ্থক্য দেখা যায়৷ বিশ্বৰ বিভিন্ন দেশৰ মানুহৰ জীৱনধাৰা, অৰ্থনৈতিক আঁচনি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা আদি বিভিন্ন অত্যধুনিক মাধ্যমৰ দ্বাৰা জানি-বুজি জ্ঞান অৰ্জন কৰি নিজ সমষ্টি তথা ৰাজ্যৰ জনতাৰ মঙ্গলৰ বাবে প্ৰয়োগৰ দিশত চিন্তা-চৰ্চা কৰাৰ ক্ষমতা সুশিক্ষিত জনৰহে আছে৷ মেট্ৰিকৰ দেওনা পাৰ হ’ব নোৱাৰা বা কোনোমতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ এজন জনপ্ৰতিনিধিৰ পৰা সেয়া আশা কৰা নাযায়৷ কোৱা বাহুল্য যে আমাৰ ৰাজ্যত এনে ধৰণৰ জন প্ৰতিনিধিৰ সংখ্যাই সৰহ৷ একাংশৰ শিক্ষাগত অৰ্হতাক লৈও বিতৰ্ক আছে৷ নিজ দলৰ পুঁজি সংগ্ৰহৰ স্বাৰ্থত ৰাজনৈতিক দলবোৰে এনে অশিক্ষিত বা অৰ্ধশিক্ষিত অসাধু ব্যৱসায়ী লোকক দলত বৰপীৰা পাৰি দিয়ে৷ ধনৰ বলত, দলীয় হাৱাত এনে লোক জয়ী হৈ যোৱাৰ পাছত ফল ভুগিব লাগে সমষ্টিৰ চৰকাৰী কৰ্মচাৰী আৰু সাধাৰণ ৰাইজে৷ অশিক্ষিত জনপ্ৰতিনিধিৰ বহু মুখৰোছক কথা জনতাৰ মুখে মুখে৷ এবাৰ এজন জনপ্ৰতিনিধিয়ে নিজ সমষ্টিৰ এখন মহাবিদ্যালয়ত ‘ডিচ্-টিং-শ্বন্’ ক্লাচ এটা খুলিবলৈ পৰামৰ্শ দিছিল৷ এইবোৰ কাৰণতে বিধায়কৰ যোগ্যতা নিৰূপণৰ বাবে এখন আইন অনা দৰকাৰ বুলি আমি ভাবোঁ৷ ‘বিধায়ক পুঁজি’ৰ ধন কেইটামান ভাগত ভাগ কৰি খৰছ কৰাটোৱেই কেৱল বিধায়কৰ কাম নহয়৷ সেই ধনৰে উপযুক্ত পৰিকল্পনাৰে সমষ্টিৰ উন্নয়ণ কৰিব পৰা বিধায়ক এজনহে ৰাইজক লাগে৷ বহু দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছৰ আৰু বিজেপি চৰকাৰৰ দিনত বিজেপিৰ লোকেহে যিকোনো চৰকাৰী সুবিধা লাভ কৰে৷ তাৰ বাবেও সাধাৰণ লোকে ধন ভৰাৰ উপৰিও শাসকীয় দলৰ চামচাক এশবাৰ খাতিৰ কৰিব লাগে৷ আমাক এই নিয়মৰ পৰিৱৰ্তন লাগে৷ উদাহৰণ স্বৰূপে আই এ ৱাই (বৰ্তমান পি এম জি ৱাই)গৃহৰ বাবে আজিও পাঁচ-ছয় হাজাৰ টকা প্ৰায়বোৰ সমষ্টিৰ দুখীয়াসকলে ভৰিয়েই আছে৷ স্থানীয় বিধায়কৰ জ্ঞাতসাৰেই এই ধৰণৰ কাৰ্য চলি থাকে৷ এচাম দলীয় ঠিকাদাৰে দহ লাখ টকীয়া কামত দুই লাখ টকাৰ কমো নকৰে৷ এনে ধৰণৰ ঠিকাদাৰ সকলক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে চৰকাৰী ধনৰ সৎ ব্যৱহাৰ নিশ্চিত কৰাতোও এজন বিধায়কৰ কৰ্ম৷ মুঠতে এগৰাকী সৎ উচ্চ শিক্ষিত বুদ্ধিদীপ্ত কৰ্ম সম্পাদনৰ দক্ষতা থকা বিধায়ক বা বিধায়িকা আমাৰ সকলোৰে কাম্য ৷