Breaking

নগাঁৱত চৰকাৰী চাকৰিয়াল-বিত্তৱান লোকে ঘূৰাই দিলে ৰেচন কাৰ্ড

0 712

ৰাজ্যৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় নগাঁৱৰ একাংশ চৰকাৰী চাকৰিয়াল আৰু বিত্তৱান লোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কাৰ্ড যোগান বিভাগক ঘূৰাই দিছে। সেই উপলক্ষে আজি নগাওঁ আৱৰ্ত ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নগাওঁ সদৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট সমবায় সমিতিৰ চৰকাৰী চাকৰিয়াল আৰু আর্থিকভাৱে সবল লোকসকলে তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ নগাওঁ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াৰ হাতত জমা দিয়ে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়, “মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰী ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আঁচনিৰ পৰা যাতে বঞ্চিত নহয় তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিছে। সেয়ে অসমৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসে ৰাজ্য খনৰ চৰকাৰী চাকৰিয়াল আৰু আর্থিকভাৱে সবল লোকসকলক তেওঁলোকৰ ৰেচন কাৰ্ড সমূহ ঘূৰাই দিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনায় নগাঁৱত চৰকাৰী চাকৰিয়াল আৰু বিত্তৱান লোকে ৰেচন কাৰ্ড ঘূৰাই দি সমাজৰ বাবে এক ভাল বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াৰ দ্বাৰা প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীসকল লাভৱান হব।” এতিয়াও যিসকল চৰকাৰী চাকৰিয়াল আৰু বিত্তৱান লোকে ৰেচন কাৰ্ড সমূহ ঘূৰাই দিয়া নাই তেওঁলোকক শীঘ্ৰে ৰেচন কাৰ্ড সমূহ ঘূৰাই দিবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়। আজি এই অনুষ্ঠানত নগাওঁ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপসঞ্চালক অলকেশ দাস, দক্ষিণপাট সমবায় সমিতিৰ সভাপতি ঘন দাসকে ধৰি খাদ্য আৰু যোগান বিভাগৰ কেইবাজনো বিষয়াই আংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.