Weather: ভোগালীৰ আনন্দ ম্লান পৰিব নেকি? ৰাজ্যৰ ১০ জিলাত হ’ব বৰষুণৰ লগতে বজ্ৰপাত

এইবাৰ ভোগালীৰ আনন্দ নোহোৱা হ’ব নেকি? কিয়নো বৰতে লৈছে অন্য ৰূপ। ভোগালীৰ প্ৰাকমুহূৰ্তত বতৰৰ পৰিৱৰ্তন ৰূপক লৈ চিন্তিত হৈ পৰিছে ৰাইজ। কিদৰে ভোগালীৰ ভোগ কৰিব, মেজি জ্বলাব লগতে অন্যান্য বিহুৰ পৰম্পৰা সমূহ কিদৰে পালন বৰষুণ দিলে তাকে লৈ চিন্তিত হৈ পৰিছে ৰাইজ।(Weather)

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই ১২ জানুৱাৰী পৰ্যন্ত ৰাজ্যত মুষলধাৰ বৰষুণৰ আগজাননী দিছে। অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো জিলাত জাৰি কৰিছে ইয়েল্ল’ এলাৰ্ট। ৰাজ্যৰ ১০ জিলাত হ’ব বৰষুণৰ লগতে বজ্ৰপাত। ২২ জিলাত ঘন কুঁৱলীৰ আচ্ছাদন হোৱাৰ সম্ভাৱনা আছে।

আনহাতে নামিব প্ৰচণ্ড শীতো। বৰ্তমানো বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। বিহুত আৰু বেছি ঠাণ্ডা হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে দিছে সতৰ্কবাণী। ইতিমধ্যে মানুহে ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ জুইৰ কাষ চাপিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি থাকিব ঘন কুঁৱলীৰ আচ্ছাদন পৰাৰ সম্ভাৱনা আছে। লগতে বিশ্বনাথ, শোণিতপুৰ, লখিমপুৰ, মাজুলী, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত বজ্ৰপাতৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Related Articles