আহি আহি আমি আকৌ এটা নতুন বছৰৰ দুৱাৰ-ডলিত উপনীত হৈছোহি। পল পল দণ্ড কৰি/ সময় গৈছে উৰি/ পাখি লগা কাঁড় নিছিনা অবিৰাম…।(Welcome 2025) হয়, সময় কাৰো বাবে ৰৈ নাথাকে। ই অবিৰাম গতিত গৈ আছে। ঠিক তেনেদৰে দিন-বাৰ-মাহ বাগৰি আৰু এটা নতুন ইংৰাজী বছৰ আমাৰ মাজলৈ আহিল আৰু এটা পুৰণি বছৰে বিদায় মাগিলে। এয়া এক চিৰন্তন সত্য। চিৰাচৰিত প্ৰকৃতিৰ নিয়ম। ইয়াৰ কোনো ব্যতিক্ৰম কোনো দিনে কেতিয়াও নহয়। এয়া এক চিৰাচৰিত নিয়ম। ঠিক সেইদৰে আমাৰ মাজৰ পৰা ২০২৪ বছৰটোৱে বিদায় ল’লে আৰু ভুমুকি মাৰিলে আন এটা নতুন বৰ্ষ ২০২৫ বৰ্ষই।
এটা দিনৰ শেষত যেনেদৰে আন এটা নতুন দিনে আমাক নিতৌ পোহৰাই তোলে, ঠিক সেইদৰে এটা বছৰৰ অন্তত আন এটা নতুন বছৰে ভুমুকি মাৰিলে। ইয়াত অস্বাভাৱিকতা একো নাই। কিন্তু এটা কথা সত্য যে আমাৰ সকলোৰে জীৱনৰ পৰা এটা বছৰে বিদায় মাগিলে। সেয়ে বিদায় মানেই কম-বেছি পৰিমাণে বিষাদ আৰু নতুন মানেই আনন্দ, এক আশা। তেনেদৰেই বহু উত্থান-পতন, আনন্দ-বিষাদৰ মাজেৰে পাৰ হ’ল ২০২৪ বৰ্ষ আৰু আমাৰ মাজলৈ আগমন ঘটিল নতুন বছৰ ২০২৫। যদিও এটা বছৰ বিদায় দিবলৈ ওলাইছো তথাপি নতুন এটা বৰ্ষক স্বাগতম জনাবলৈকে বছৰৰ শেষৰ দিনটোত উলহ-মালহেৰে ৰং-ৰহইচ কৰি ভোজ-ভাত খাই আনন্দ-স্ফূৰ্তি কৰো। প্ৰচণ্ড শীতকো নেওচি নিশা ১২-১ বজালৈ উজাগৰে থাকি আনন্দ-স্ফূৰ্তি কৰিলোঁ। নতুন বছৰৰ প্ৰথম দিনটোত বহুতে নামঘৰ, মন্দিৰ, দেৱালয় আদিলৈ গৈ বছৰটো মংগলময় হোৱাৰ কামনাৰে সেৱা-প্ৰাৰ্থনা জনাওঁ। তাৰ পিছত যেন সকলো একেই। পূৰ্বৰ দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন আহি থাকিব গৈ থাকিব।
নতুনত্ব একো নাই। মাত্ৰ সামাজিক মাধ্যমত নতুন বছৰৰ শুভেচ্ছা বাণীৰে ওপচাই পেলাইছো। অথচ বিগত বৰ্ষটোতনো আমি কি কৰিলোঁ, সমাজখনৰ বাবেইবা আমি কিমান ভাল কাম কৰিলোঁ তাৰ হিচাব কৰিলোনে ? আমি যদি বিদায়ী বৰ্ষটোত কিবা ভাল কাম বা সমাজৰ, ৰাজ্যখনৰ, ঘৰখনৰ বাবে কিবা ভাল কাম কৰিছো তেতিয়াহে আহি থকা বৰ্ষটো ভাল হ’ব, অসমৰ, জাতিটোৰ, ঘৰখনৰ ভাল হ’ব, মংগল হ’ব। অকল এটা নতুন বছৰ আদৰাৰ নামত মদ, ভোজ-ভাত খালেই কোনো উন্নতি নহয় বা পৰৱৰ্তী সময়বোৰ সুখকৰ নহয়গৈ। আমি বছৰ শেষত হিচাব কৰিব লাগিব বিগত বছৰটোতনো কিমান কি কৰিলোঁ। কি কৰিবলৈ থাকি গ’ল ?ভৱিষ্যতে কি পৰিকল্পনা লৈ আগবাঢ়ি যাম আৰু সেইবোৰ কেনেদৰে ৰূপায়ণ কৰিব পৰা যাব তাৰ বাবেহে বছৰটোৰ আৰম্ভণিতে চিন্তা কৰি আগবাঢ়ি গ’লেহে এটা নতুন বছৰ উদ্যাপনৰ সাৰ্থকতা থাকিব। সেইবোৰৰ কোনো পৰিকল্পনা নকৰি কেৱল এক অঘোষিত প্ৰতিযোগিতা চলাইছো ৩১ ডিচেম্বৰৰ নিশা ভোজ-ভাতৰ নামত, মদ-মাংসৰ নামত কোনে কিমান টকা উৰুৱাব পাৰে। তাৰ বাহিৰে নতুন বুলিবলৈ একোৱেই নাই। ফলত আমি নতুন বছৰটোতো শেষতগৈ একো নতুনত্বই দেখিবলৈ নাপাওঁ। সেই একেই হিংসা-প্ৰতিহিংসা, একেই অসূয়া-অপ্ৰীতি, অসামাজিক কাৰ্যৰ প্ৰসাৰ, উচ্ছৃংখল মানসিকতা। সহনশীলতা, ধৰ্মনিৰপেক্ষতাৰ যেন আজি স্খলন হৈ গৈ আছে। বৰ্তমান দেখি আহিছো- নতুন বছৰ উদ্যাপন যেন সংজ্ঞাই সলনি হৈ গৈছে। কিন্তু এনেদৰে অহা নববৰ্ষটোৰেইবা কি পৰিৱৰ্তন হ’ব, কি নতুনত্ব থাকিব। আজি সকলো ফালেই সুৰাসক্ত নৱ-প্ৰজন্মৰ পয়োভৰ। সুৰা নহ’লে যেন সকলো স্থৱিৰ হৈ যাব, অচল হৈ যাব। ইয়াৰ কাৰণো অৱশ্যে সুৰা বিপণীৰ সুলভ ব্যৱস্থা।
ঘৰৰ পৰা ওলাই গ’লেই পোৱা যায় সুৰাৰ বিপণী। দূৰলৈ যোৱাৰ প্ৰয়োজনেই নাথাকে। গতিকে আজিৰ প্ৰজন্ম একপ্ৰকাৰ সুৰাৰ প্ৰতি আসক্ত হৈ পৰাটোৱেই স্বাভাৱিক। এয়া বাৰু আমাৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ হয়নে? অজ্ঞানতাৰ ফলতে হওক বা জ্ঞাতসাৰেই হওক আমাৰ একাংশ যুৱক-যুৱতী অন্ধকাৰ দিশলৈ ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে। ইয়াক ৰোধ কৰিবলৈ আমি এই নতুন বছৰটোতে সংকল্প ল’ব পাৰো, চিন্তা কৰিব পাৰো। শিক্ষাৰ পথাৰখনত আজিও বহু বিশৃংখলতা সৃষ্টি হৈয়ে আছে। আজিও শিক্ষকে তেওঁলোকৰ বিভিন্ন দাবীত আন্দোলন কৰিয়েই আছে। বহু বিদ্যালয়ৰ অৱস্থা আজিও উন্নত নহয়। আজি খাদ্য-বস্ত্ৰৰ অভাৱত বহু ছাত্ৰ-ছাত্ৰী বিদ্যালয়মুখী হ’ব পৰা নাই। আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধিহে হৈ গৈ আছে। মুঠতে এশ-এবুৰি সমস্যাই আজিও ঘেৰি আছে শিক্ষা জগতখন। নতুন বছৰটোত আমি এনে সমস্যা সমাধানৰ পৰিকল্পনা হাতত ল’ব নিশ্চয় পাৰো। যোৱা বৰ্ষটোত বিদ্যালয়ৰ ছাত্ৰৰ হাততে সহপাঠীৰ মৃত্যু হ’ব লগা হৈছে। শিক্ষকো নিগৃহীত হৈছে। এইবোৰ কিয় হৈছে, হ’বলৈ পাইছে আমি অভিভাৱক-অভিভাৱিকাসকলৰ লগতে সমাজৰ আন লোকসকলেও এই বৰ্ষটোতে চিন্তা-চৰ্চা কৰি শুধৰোৱাৰ ব্যৱস্থা কৰিবলৈ সংকল্প ল’ব লাগিব। আমি সদায়ে চৰকাৰক নিৰ্ভৰ কৰি চলিলে নহ’ব। নিজাকৈয়ো ব্যৱস্থা ল’ব লাগিব।
তেতিয়াহে সমাজৰ পৰিৱৰ্তন সম্ভৱ। সাহিত্য-সংস্কৃতিৰ দিশত আমি আগ ভাগ লৈ আমাৰ কৃষ্টি-সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। আজিৰ প্ৰজন্ম কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰশীল নহৈ আত্মনিৰ্ভশীল হ’ব লাগিব। চৰকাৰে আজিকালি স্কুটী, বাইক, পইচা দি কোমল বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিকতাই সলনি কৰিছে। তেওঁলোক আজি ক্ৰমান্বয়ে পৰমুখাপেক্ষী হৈ পৰিছে। কষ্ট কৰিবলৈ এৰিছে। কাৰণ সহজতেই সকলো পাইছে। এনে মানসিকতাৰ পৰা ওলাই আহিব পাৰিলেহে ছাত্ৰ-ছাত্ৰীসকল বেছি লাভৱান হ’ব যেন লাগে। কাৰণ ভাল ফলাফলপাবলৈ তেওঁলোকে অধিক কষ্ট কৰিব। সহজতে পোৱা সুখতকেৈ কষ্টৰ বিনিময়ত পোৱা সুখ বেছি ফলদায়ক হয়। গতিকে নতুন বছৰটোত নতুন সংকল্প লৈ আগবাঢ়ক আমাৰ শিক্ষাৰ্থীসকল। তেওঁলোকে নিজৰ প্ৰতিভা, নিজৰ প্ৰজ্ঞাৰ দ্বাৰা উদ্ভাষিত হোৱাৰ বাবে পৰিকল্পনা লৈ আগবাঢ়ক। তেতিয়া আমাৰ সমাজখন নিশ্চয় সুন্দৰ হ’ব, অসূয়া-অপ্ৰীতি নাশ হ’ব। আমি সুখে-শান্তিৰে আৰু গৌৰৱেৰে জীয়াই থাকিব পাৰিম। নতুন বছৰত আমাৰ সংকল্প সেয়াহে হ’ব লাগে।
ইয়াৰ লগে লগে বিগত বৰ্ষটোত আমাক কিছুমান ভাল খবৰেও উৎসাহিত কৰিছে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসমৰ বিভিন্ন চহৰত গ্ৰন্থমেলাৰ আয়োজন কৰি আহিছে। বৰ্তমান গুৱাহাটীতো গ্ৰন্থমেলা চলি আছে। এই গ্ৰন্থমেলাত পূৰ্বতকৈ কিতাপৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে। আৰু ইয়াৰ লগে লগে গ্ৰন্থৰ লেখকৰ সংখ্যাও বাঢ়িছে। বহুত ভাল ভাল কিতাপো প্ৰকাশ হৈছে। এয়া আমাৰ বাবে ভাল খবৰ। আনহাতে, চৰকাৰেও আগন্তুক বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। যিটোৱে আমাৰ লেখক-পাঠকসকলক আনন্দিত কৰিছে। আকৌ এই বৰ্ষটোতেই আমাৰ অসমীয়া ভাষাই ‘ধ্ৰুপদী’ ভাষাৰ স্বীকৃতি পাবলৈ সক্ষম হৈছে। ইয়াতকৈ আৰু আনন্দৰ খবৰ কি হ’ব পাৰে। আনহাতে, দেশৰ অন্যতম সন্মানীয় প্ৰতিযোগিতা বুলি বিবেচিত মহিন্দ্ৰা থিয়েটাৰ এক্সেলেন্স বঁটাৰ কেইবাটাও শাখাত শ্ৰেষ্ঠত্বৰ সন্মানেৰে জিলিক উঠে তৰুণ নাট্যকৰ্মী বিদ্যুৎ কুমিৰ নাথ।
এয়া আমাৰ বাবে ভাল খবৰ। আনহাতে, অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ কেইবাগৰাকী দ্বিগ্জে বিগত বৰ্ষটোত আমাক এৰি থৈ গ’ল- তেওঁলোক হ’ল— ড° প্ৰণৱজ্যোতি ডেকা, ৰবীন্দ্ৰ বৰা, উপেন্দ্ৰনাথ শৰ্মা, মীৰা ঠাকুৰ, অলকেশ কলিতা, শশী ফুকন, সূৰ্য দাস, অৰুণ গোস্বামী, কুলদা কুমাৰ ভট্টাচাৰ্য, দ্বিগেন মহন্ত, বিশ্বেশ্বৰ হাজৰিকা, বুলন কুমাৰ শইকীয়া আদিয়ে। ইয়াৰ উপৰি ভাৰতৰ সংগীত জগতৰ তাৰকা, প্ৰখ্যাত বাঁহীবাদক জাকিৰ হুছেইন, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিখ্যাত অৰ্থনীতিবিদ ড° মনমোহন সিঙেও আমাক এৰি গ’ল এই বৰ্ষটোতে। এয়া বিগত বৰ্ষটোত আমাৰ বাবে দুখৰ সময়। আনহাতে, আন এক খবৰে আমাক ভৱিষ্যতৰ দিনলৈ উৎসাহী কৰি তুলিছে। সেই সু-খবৰ হ’ল এইবাৰ অসমৰ তিনিগৰাকী সাহিত্যিকে ‘সাহিত্য অকাদেমি’ বঁটা পাবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে সমীৰ তাঁতী, অৰুণ ৰাজা আৰু দীপক কুমাৰ শৰ্মা। তেনেদৰে ‘জাল কটা জুই’ৰ বাবে নয়নজ্যোতি শৰ্মাই লাভ কৰিছে সাহিত্য অকাদেমি যুৱ বঁটাৰ পুৰস্কাৰ। এই বৰ্ষটোতে সংস্কৃতি, কৃষি আৰু নৃত্যৰ প্ৰসাৰৰ বাবে আজন্ম উৎসৰ্গিত পাৰ্বতিপ্ৰসাদ বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞা পদ্মশ্ৰী প্ৰাপ্তিয়ে অসমবাসীক আনন্দিত কৰিছে। আমি আশা কৰিম আগন্তুক বৰ্ষটোত আমাৰ মাজৰ পৰা অসূয়া-অপ্ৰীতি, হিংসা-বিদ্বেষ বিনাশী ন ন সৃষ্টিকৰ্মৰে আগবাঢ়ি গৈ অসমীয়া জাতি বিশ্ব দৰবাৰত প্ৰথম শাৰীত থিয় হওক। সুখৰ হওক ১০২৫ বৰ্ষ। স্বাগতম ২০২৫ বৰ্ষ।
লেখকঃভূপেন মহন্ত