Breaking

welcome ceremony in Baksa district.”বৰ্তমান সময়ত নাৰীৰ ওপৰত চলি থকা নিৰ্যাতন কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰে ব্যৱস্থা ল’ব লাগে! এইক্ষেত্ৰত পুলিছ প্ৰশাসনৰো যথেষ্ট কৰণীয় আছে!” মাইনী মহন্ত!বাক্সা জিলাৰ বৰমাৰ এম্পায়াৰ একাডেমীত নৱাগত আদৰণি সভাৰ অনুষ্ঠান ।

21

welcome ceremony

বাক্সা জিলাৰ বৰমাৰ এম্পায়াৰ একাডেমীত নৱাগত আদৰণি সভাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি ৰজনী বৰজৌৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়ায় বিদ্যালয়খনৰ অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰীয়ে ।

welcome ceremony

নৱাগত আদৰণি সভাত উপস্থিত বিশিষ্ট লেখিকা তথা নন্দিনীৰ সম্পাদক মাইনী মহন্ত, সাহিত্যিক সাংবাদিক স্বপ্না বেজবৰুৱা, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি । ২০১৯ বৰ্ষতেই বৰমাৰ মাজমজিয়াত ব্যক্তিগত খণ্ডৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান এম্পায়াৰ একাডেমী স্থাপন কৰা হৈছিল । তেতিয়াৰে পৰা ৰাইজৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল শিক্ষানুষ্ঠানখনে ।

welcome ceremony

শিক্ষানুষ্ঠানখনৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাতো সফলতা বুটলিবলৈ সক্ষম হৈছিল । আজি ষষ্ঠ সংখ্যক নৱাগত আদৰণি সভাত উপস্থিত থাকি নন্দিনীৰ সম্পাদক তথা বিশিষ্ট লেখিকা মাইনী মহন্তই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সাৰুৱা ভাষণ ৰাখে ।সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক স্বপ্না বেজবৰুৱাই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত ভাষণ ৰাখি কয় যে পৰীক্ষাত সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগে । আত্মবিশ্বাসেৰে আগবাঢ়িলেহে সফলতা লাভ কৰিব পাৰি ।

welcome ceremony

সভাত উপস্থিত থাকি বড়ো সাহিত্যি সভাৰ সাধাৰণ সম্পাধক নীলকান্ত গয়াৰীয়ে ভাষণত কয় যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে শিক্ষিত হোৱাৰ লগতে নিজৰ পৰিয়ালৰ প্ৰতিও দায়ৱদ্ধ হ’ব লাগে । সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট লেখিকা মাইনী মহন্তই নাৰী সুৰক্ষাৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

welcome ceremony

তেওঁ কয় যে বৰ্তমান সময়ত নাৰীৰ ওপৰত চলি থকা নিৰ্যাতন কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰে ব্যৱস্থা লব লাগে এইক্ষেত্ৰত পুলিছ প্ৰশাসনৰো যথেষ্ট কৰণীয় আছে বুলি মন্তব্য কৰে মাইনী মহন্তই ।

নলবাৰীৰ পৰা ৰায় চৌধুৰীৰ প্ৰতিবেদন।

ভাৰতৰ পৰা ইজৰাইললৈ অস্ত্ৰ-শস্ত্ৰ, সামৰিক সজুলিৰ ৰপ্তানি বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত আবেদনI

Comments are closed.