Breaking

Anti-Rape Bill: পশ্চিমবংগ বিধানসভাত গৃহীত ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’

19

ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’ৰ এটা গুৰুত্বপূৰ্ণ নতুন সংযোজনত ধৰ্ষণকাৰীক ধৰ্ষণৰ ফলত কোনো নাৰী ক’মাত পৰিলে ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা হৈছে(Anti-Rape Bill)। এই বিধানে মুম্বাইৰ অৰুণা শ্বানবাগৰ গোচৰৰ কথা মনত পেলাই দিয়ে । নিজৰ চিকিৎসালয়ত ধৰ্ষিতা হোৱা নাৰ্ছগৰাকীয়ে প্ৰায় ৪০ বছৰ ধৰি ক’মাত আছিল। কিন্তু ধৰ্ষণকাৰীক মৃত্যুদণ্ড বিহা নহ’ল।

কলকাতা, ৪ ছেপ্টেম্বৰঃ অৱশেষত পশ্চিমবংগ বিধানসভা(West Bengal Assembly)ত গৃহীত হ’ল ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’ (Anti-Rape Bill) । বংগৰ আইন মন্ত্ৰী মলয় ঘটকে উত্থাপন কৰে ‘অপৰাজিতা মহিলা আৰু শিশু বিল’ (পশ্চিম বংগৰ অপৰাধ আইন সংশোধনী বিধেয়ক, ২০২৪)।

সোমবাৰে প্ৰতিগৰাকী বিধায়কক এই খচৰা বিধেয়ক প্ৰদান কৰা হৈছিল। একেদৰে বিধেয়কখন দাখিল কৰাৰ পূৰ্বে বিৰোধী নেতা সুভেন্দু অধিকাৰীয়ে কেইবাটাও সংশোধনীৰ সৈতে প্ৰস্তাৱ দাখিল কৰে । তাৰ আধাৰত অধ্যক্ষ বিমান বেনাৰ্জীয়ে কয় যে তেওঁ দাখিল কৰা সংশোধনীৰ বিষয়ে আলোচনা কৰা হ’ব। ডবগ্ৰাম-ফুলবাৰীৰ বিজেপি বিধায়িকা শিখা চট্টোপাধ্যায়ে আলোচনাৰ আৰম্ভণিতে এই বিষয়ে কয়।

এই বিধেয়কৰ এটা গুৰুত্বপূৰ্ণ নতুন সংযোজনত ধৰ্ষণকাৰীক ধৰ্ষণৰ ফলত কোনো নাৰী ক’মাত পৰিলে ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা হৈছে(Anti-Rape Bill with Death Penalty)। এই বিধানে মুম্বাইৰ অৰুণা শ্বানবাগৰ গোচৰৰ কথা মনত পেলাই দিয়ে । নিজৰ চিকিৎসালয়ত ধৰ্ষিতা হোৱা নাৰ্ছগৰাকীয়ে প্ৰায় ৪০ বছৰ ধৰি ক’মাত আছিল। কিন্তু ধৰ্ষণকাৰীক মৃত্যুদণ্ড বিহা নহ’ল।

বংগত এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত অৰুণাৰ দৰে বহুতে ন্যায় পাব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি ধৰ্ষণ আৰু হত্যাৰ ক্ষেত্ৰত পূৰ্বৰ আইন অনুসৰি মৃত্যুদণ্ড অব্যাহত থাকিব। দলবদ্ধ ধৰ্ষণৰ নূন্যতম শাস্তি হ’ব যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা(West Bengal Assembly passes the anti-rape bill Aparajita)।

বিধানসভাৰ মজিয়াত বিৰোধী নেতা সুভেন্দু অধিকাৰী, আছানচল দক্ষিণৰ বিজেপিৰ বিধায়ক অগ্নিমিত্ৰ পালে ‘অপৰাজিতা’ বিধেয়কক পূৰ্ণ সমৰ্থন কৰে। সুভেণ্ডুৱে বিধেয়কখনৰ সৈতে ৭টা সংশোধনী দাখিল কৰে।

লগতে পঢ়ক: Sandip Ghosh Arrested by CBI: আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক চি বি আইৰ গ্ৰেপ্তাৰ

Comments are closed.