পশ্চিম ঢেকীয়াজুলি ষ্টাৰ ইলেভেন প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী

ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ গাভৰুপাৰ-বালিসুঁতি সমন্বয় সংঘৰ উদ্যোগত গাভৰুপাৰ সমন্বয় খেলপথাৰত ১৭ অক্টোবৰৰ পৰা আয়োজিত আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাখনি স্থানীয় ভিন্ন জাতি-ধৰ্মৰ লোকৰ সহযোগিতা আৰু উৎসাহ-উদ্দীপনাৰ মাজেদি শান্তিপূৰ্ণ আৰু শৃংখলাৱদ্ধতাৰ মাজেদি ৪ নৱেম্বৰত সামৰণি পৰে ৷ এইবেলিৰ তৃতীয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতাখনি পৰিচালনাৰ বাবে ড° ৰোহিত চন্দ্ৰ ৰাভাক মুখ্য উপদেষ্টা,শ্ৰীমন্ত বৰুৱাক সভাপতি,গুৰু তাঁতী আৰু গনেশ নাথক কাৰ্যকৰী সভাপতি,তৰুণ গোৱালাক সম্পাদক,আমিৰ হোছেইনক সহকাৰী সম্পাদক,শুকুৰ আলীক কোষাধ্যক্ষ,জয়ন্ত নাথক খেল বিভাগৰ সভাপতি,কৃষ্ণকান্ত বৰাক উপ-সভাপতি,মইনুদ্দিন আলীক ক্ৰীড়া সম্পাদক আৰু পংকজ নাথক সহকাৰী খেল সম্পাদকৰ দায়িত্ব প্ৰদান কৰি গঠিত খেল আয়োজক সমিতিয়ে প্ৰায় ১৫ দিনীয়া এই ফুটবল প্ৰতিয়োগিতাখনৰ সফল পৰিসমাপ্তিত পাৰ্যমানে সৰ্বাত্মক সহযোগ আগবঢ়ায় ৷ ১৭ অক্টোবৰত আয়োজক সমিতিৰ মুখ্য উপদেষ্টা তথা নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড° ৰোহিত চন্দ্ৰ ৰাভাই পতাকা উত্তোলনৰ লগতে ৰঙা ফিটা কাটি খেল পথাৰ মুকলি কৰা উদ্বোধনী খেলখনত ৰৌতা আৰু বগুলামাৰী দলৰ মাজত অনুষ্ঠিত হয় ৷ ৰৌতা, বগুলামাৰী, মাজবাট,ওদালগুৰি,ঢেকিয়াজুলি চাউন ক্লাৱ,পশ্চিম ঢেকিয়াজুলি ষ্টাৰ ইলেভেন,টিউলিপ চাহ বাগিছা,গোহাঁইভেটি,গাভৰুপাৰ সমিতি,প্ৰজাপথাৰ,ঘাটোৱাৰবস্তি,টিউলিপ ফেক্টৰী লাইন,বেটালী চাহ বাগিছা,ফুলগুৰি বি টিম,হুগ্ৰাজুলি চাহ বাগিছা আৰুলামাবাৰী চাহ বাগিছাকে ধৰি ১৬টা ফুটবল দলে যোগদান কৰে ৷ খেলখনৰ প্ৰথম ছেমি ফাইনেলত ষ্টাৰ ইলেভেনে গোঁহাইভেটি ফুটবল দলক আৰু দ্বিতীয়খন ছেমি ফাইনেলত ফুলগুৰি এফ চি দলে হুগ্ৰাজুলি চাহ বাগিছা দলক পৰাস্ত কৰি ফাইনেল খেলত প্ৰৱেশ কৰে ৷ সমগ্ৰ ফুটবল প্ৰতিযোগিতাখনত ওদালগুৰিৰ সুভাষ পাণ্ডা আৰু তুলেশ্বৰ বসুমতাৰীয়ে মুখ্য খেল পৰিচালক আৰু কপিল ৰাভা আৰু ৰূপেশ গোড়ে সহকাৰী খেল পৰিচালকৰ গধূৰ দায়িত্ব পালন কৰে ৷ ৪ নৱেম্বৰত জেষ্ঠ সাংবাদিক-শিল্পী-লেখক তথা ৰাজহুৱা কৰ্মী সুজিৎ কটকীয়ে যুৱৰাজ ছেত্ৰী আৰু মুক্তেশ্বৰ নাথৰ সহযোগত খেল পথাৰৰ চৌহদত এটি গছপুলি ৰোপণ কৰি চূড়ান্ত খেলখনৰ অনুষ্ঠান পৰিক্ৰমাৰ শুভাৰম্ভ ঘটায় ৷ ফাইনেল খেলখনৰ প্ৰাৰম্ভতে ক্ৰীড়াংগণৰ মাজত গৈ দুয়োটা দলৰ খেলুৱৈসকলক  ড° ৰোহিত চন্দ্ৰ ৰাভাকে ধৰি অতিথিসকলে এখন উপভোগ্য খেলৰ বাবে অভিনন্দন জনায় ৷ খেল আয়োজক সমিতিৰ সভাপতি তথা শিক্ষক শ্ৰীমন্ত বৰুৱাই আঁতধৰা উদ্বোধনী অনুষ্ঠানত অতিথি ড° ৰোহিত চন্দ্ৰ ৰাভা,সাংবাদিক সুজিৎ কটকী,পঞ্চায়ত সভানেত্ৰী মৰমী বৈশ্য,আঞ্চলিক পঞ্চায়তৰ সদস্যা মিনতি তাঁতী টিৰ্কী,মিট্ৰৰী ইংলিছ স্কুলৰ অধ্যক্ষ যুৱৰাজ ছেত্ৰী,সমাজসেৱিকা মিনু দেৱী,যুৱ সমাজকৰ্মী ৰবীন বৰা,সমবায় সমিতিৰ উপ-সভাপতি সন্তোষ দাস আৰু বেংগলী যুৱ ফেডাৰেছনৰ জিলাৰ উপ-সভাপতি চয়ন দাস,আমছু নেতা ছাইদুৰ ৰহমানৰ লগতে খেল পৰিচালকসকল আৰু পুৰস্কাৰৰ দাতাসকলকো উদ্যোক্তাসকলে ফুলাম গামোছাৰে সম্ভাষণ জনায় ৷ নিদিৰ্ষ্ট সময়ছোৱাত  গলশূণ্যভাৱে শেষ হোৱা ফাইনেল খেলখনত ট্ৰাইবেকাৰৰ যোগেদি পশ্চিম ঢেকীয়াজুলি ষ্টাৰ ইলেভেন ফুটবল দলে ওডালগুৰিৰ ফুলগুৰি এফ চি ফুটবল দলক ৪-৩ গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ৷ ড°ৰোহিত চন্দ্ৰ ৰাভা আৰু সুজিৎ কটকীয়ে বিচাৰকৰো দায়িত্ব পালন কৰা ফাইনেল খেলখনৰ অন্তত বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয় ৷ প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল তথা বিজয়ী দলে(পশ্চিম ঢেকীয়াজুলি ষ্টাৰ ইলেভেন) প্ৰয়াত বিলুৰাম ৰাভা সোঁৱৰণী বঁটা,মানপত্ৰ আৰু নগদ ১৫০০০/ টকা (দাতাঃড°ৰোহিত চন্দ্ৰ ৰাভা) লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ দল তথা বিজিত দলে(ফুলগুৰি এফ চি) আয়োজক সমিতিয়ে আগবঢ়োৱা বঁটা,মানপত্ৰ আৰু নগদ ১১০০০/ টকা অৰ্জন কৰে ৷ সিফালে প্ৰতিযোগিতাখনৰ ফাইনেল খেলত শ্ৰেষ্ঠ খেলুৱৈ হিচাবে বিবেচিত হোৱা ষ্টাৰ ইলেভেন দলৰ প্ৰসেনজিৎ দৈমাৰীক স্বৰ্গীয় ৰোহিনী কান্ত বৰুৱা সোঁৱৰণী বঁটা,মানপত্ৰ আৰু নগদ মাননি(দাতাঃশ্ৰীমন্ত বৰুৱা) প্ৰদানৰ উপৰি শ্ৰেষ্ঠ গলৰক্ষক ৰূপে বাছনি কৰা ফুলগুৰি এফ চি দলৰ মণ্টু ৰাভাক প্ৰয়াত চেনাৰাম নাথ সোঁৱৰণী বঁটা,নগদ মাননি আৰু মানপত্ৰৰে ( দাতাঃজয়ন্ত নাথ) সন্মানিত কৰা হয় ৷ বঁটাৰ দাতাৰ হৈ ড° ৰোহিত চন্দ্ৰ ৰাভা,বিমলা বৰুৱা,অৰুণা দেৱী আৰু অতিথি সুজিৎ কটকীৰ হাতেৰে পুৰস্কাৰসমূহ বিজয়ী আৰু বিজিত দল তথা শ্ৰেষ্ঠ খেলুৱৈ আৰু গলকিপাৰক পুৰস্কাৰ বিতৰণ কৰা হয় ৷

Related Articles