Breaking

কোন এলেহুৱা বিকি কৌশল নে কেটৰিনা কাইফ…

0 71

কেটৰিনা কাইফ আৰু ভিকি কৌশল বলীউডৰ অন্যতম শক্তিশালী দম্পতী। ২০২১ চনৰ ডিচেম্বৰ মাহত দুয়োৰে বিয়া হৈছিল আৰু এতিয়া বিয়াৰ দুবছৰ হ’ব দুয়োৰে। প্ৰায়ে এই দম্পতীহালে ইজনে সিজনৰ বিষয়ে মুকলিকৈ কথা কয়। এক সাক্ষাৎকাৰত ভিকি আৰু কেটৰিনাৰ মাজত কোন এলেহুৱা বুলি সোধাত অভিনেতাগৰাকীয়ে উত্তৰ দিলে, যদি মই কাম কৰা নাই আৰু যদি মই ঘৰত আছো, তেন্তে মই এলেহুৱা। যেতিয়া আমি দুয়ো ঘৰত আৰামত থাকোঁ আৰু কাম বা আন কিবা কামত ওলাই যাব নালাগে তেতিয়া আমি দুয়ো এলেহুৱা হৈ পৰো। বিকি কৌশলে কয় যে কেটৰিনা অতি অনুশাসিত যদিও তেওঁলোকৰ মাজত কোনো সমস্যাৰ সৃষ্টি নহয়। কিন্তু কিছুমান ক্ষেত্ৰত পত্নী কেটৰিনাক সন্তুষ্ট কৰাটো অতি কঠিন বুলিও কয় ভিকিয়ে।

অলপতে ‘দ্য গ্ৰেট ইণ্ডিয়ান’ ফেমিলিত দেখা গৈছিল বিকি কৌশল। ইয়াৰ পিছত তেওঁৰ ‘ছেম বাহাদুৰ’ও পাইপলাইনত আছে যিখন চলিত বৰ্ষৰ ১ ডিচেম্বৰত মুক্তি পাব। দীপাৱলীত মুক্তি পাবলৈ সাজু হোৱা ছলমান খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘টাইগাৰ ৩’ত দেখা যাব কেটৰিনা কাইফক।


Leave A Reply

Your email address will not be published.