যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকা দিনক দিনে বৃদ্ধি পাইছে। উদ্বেগ প্ৰকাশ কৰি চিকিৎসকে যুৱক-যুৱতীসকলক খাদ্য আৰু জীৱনশৈলীৰ প্ৰতি সচেতন হ’বলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে।
ষ্ট্ৰোক হোৱাৰ কাৰণ-
- অস্বাভাৱিক মেদবহুলতা, বহি থকা জীৱনশৈলী
- উচ্চ ৰক্তচাপ, ডায়েবেটিছ, উচ্চ কলেষ্টেৰল আৰু ধূমপান
- মানসিক চাপৰ বাবে অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ ক্ষেত্ৰ বৃদ্ধি পোৱা, টোপনিৰ অভাৱ, মেদবহুলতা ষ্ট্ৰোকৰ বিপদজনক কাৰকসমূহৰ ভিতৰত অন্যতম, যিবোৰ সাধাৰণতে লক্ষ্য কৰা নহয়।
চিকিৎসকৰ পৰামৰ্শ-
- দৈনিক ৩০-৪৫ মিনিট খোজ কাঢ়িব লাগে
- ধ্যান কৰক।
*ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ বাবে নিয়মীয়াকৈ ঔষধ খাব লাগে। - শৰীৰৰ শাৰীৰিক ক্ষমতাতকৈ বেছি ব্যায়াম নকৰিব।
- নিয়মীয়াকৈ চেকআপ কৰি লওক।
- বছৰত এবাৰ গোটেই শৰীৰ পৰীক্ষা কৰাব লাগে।
- ৬-৮ ঘণ্টা টোপনি লওক।