ৰাজ্যত এতিয়া বিহু উদযাপনক লৈ চলি আছে বিৰ্তক।এইবাৰ বিহু উদযাপনৰ বিতৰ্কক লৈ দিপলীনা ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে।দিপলীনা ডেকাই ক’লে ‘বিহুলৈ আচলতে কোনো বিতৰ্ক হোৱাই নাছিল,বিতৰ্ক সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ দ্বাৰাহে সৃষ্টি কৰা হৈছে।’ বুলি মন্তব্য কৰে দিপলীনা ডেকাই।’মুখ্যমন্ত্ৰীয়ে বিহু ৭ দিন বা ১০ দিনত পাতিব লাগে বুলি কোৱা নাছিল, মুখ্যমন্ত্ৰীয়ে কেৱল ৭ দিনৰ ভিতৰত বিহু পতা সমিতিক চৰকাৰী সাহায্য প্ৰদানৰ কথাহে কৈছিল।’এইদৰে এতিয়া মন্তব্য কৰিছে অভিনেত্ৰী তথা গায়িকা দিপলীনা ডেকাই।চিৰাঙৰ বিজনীত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিলে দিপলীনা ডেকাই।